এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
গদাধৰ৷
গদা৷- ৰথশূণ্য মন!
- নোৱাৰি চলিব এবে হইছে অচল।
- কেতিয়া পৰেহি আহি শত্ৰু আক্ৰমণ,
- গণিছোঁ দিনৰুে তাক দিনে আঁক পাৰি।
ৰম্ভা।- চিন্তা নকৰিবাঁ।
- চিন্তিম উপায় যিবা,
- শক্তি অনুসৰি; পোৱাঁ যাতে ৰক্ষা তুমি।
- ৰাখিবাঁ বিশ্বাস মোত।
গদা।- সৰল বিশ্বাস
- ৰাখিছোঁ তোমাৰ জানা।
- স্বৰূপ চিনাকি নতু নিদিওঁ কাচিত।
ৰম্ভা৷- বুজিছোঁ বিশেষ।
- ৰাখিবাঁ বিশ্বাস আৰু,
- প্ৰাণপণ সদা মোৰ তোমাৰ গুপুত
- উদ্দেশ্য সাধন হেতু।
গদা৷-শলাগোঁ অশেষ৷
- বন্ধু-উপকাৰ বাবে ৰলোঁ চিৰঋণী।
ৰম্ভা-ঈশ্বৰ-ইচ্ছাত
- সুদে-মূলে ঋণমুক্ত হোৱা যেন কালে।
- যাওঁ এবে, বহুপৰ হল আহিবৰ।
গদা।-ঈশ্বৰ-ভাৰষা মোৰ।
{ (দুয়ো দুফালে প্ৰস্থান )
⸻