ছৱালৰ হাতে লাৰূ পাইল, লৱৰিয়া যেন লৈয়া গৈল,
কৰ্ণ হেন বীৰ তেযত নহে নৃপতি।
তুমি আসি আছা শিবিৰক, কিমতে অৰ্জ্জুনে ৰাধেয়ক,
বধিবন্ত ৰাজা তোমাত লৈয়া যুগুতি॥ ৩৩৯
আতে অৰ্জ্জুনৰ ভৈলা দোষ, মিছাত নৃপতি কৰা ৰোধ,
বনবাস স্বাদ নগলাই জানো তোমাৰ।
কৰ্ণ হেন বেৰী ৰৈলা পৰি, তুমি যাইবে খোজা বনে চলি,
আৰ ৰাজ্য আশা গুচিল আজি তোমাৰ॥
বধ দুঃশাসন পাপীষ্টৰ, তোমাৰ নিমিত্তে নৰেশ্বৰ,
নেদেখিলো মই এহি হৃদি খেদ ৰৈল।
দুই ৰথ যুদ্ধত ধনঞ্জয়ে কৰ্ণক নিৱন্ত যমালয়ে
সিতো অঙ্গিকাৰ সকলে বিফল ভৈল॥৩৪০
তুমি বনে গৈলে নৰেশ্বৰ মাদ্ৰীসুত দুয়ো বৃকোদৰ
ধনঞ্জয় ময়ো সমস্তে যাইবো সংহতি।
বিনা যুদ্ধে ৰাজা দুৰ্য্য়োধন, পাইবেক সকল ৰাজ্যধন,
কৌৰবৰ ভৈলা একাদশে বৃহস্পতি॥
হৰি হৰি মই অভাগীৰ, বেণী বন্ধা কেশ নুগুচিল,
এহি বুলি সতী কান্দন্ত ধৰি চৰণে।
হেন দুখ দেখি দ্ৰৌপদীৰ, অনন্তৰে ৰাজা যুধিষ্ঠীৰ,
কিছু শান্ত ভৈলা ভনে বিদ্যা পঞ্চাননে॥ ৩৪১
⸻