পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২
কৰ্ণবধ।

ৰাজ্য কাঢ়ি লৈল ছলে খেলি কুট পাশ।
কোন শাস্ত্ৰ বিচাৰিয়া দিলা বনবাস॥৬০২
বিষ লাড়ু খুৱাই ভীমে পেলাইলাহা জলে।
ৰক্ষা পায়াছিল বৃকোদৰ ধৰ্ম্ম বলে॥
জোগৃহ নিৰ্ম্মায়া তোৰা পাণ্ডবে ভৰায়া।
অগ্নিদিয়া ছিলা তোৰা কোন শাস্ত্ৰে পায়া॥ ৬০৩
দুগ্ধপোয্য় শিশু যেবে গৈয়াছিল ৰণে।
অন্যায় সমৰে বেঢ়ি মাৰ সপ্তজনে॥
কৈত থৈয়াছিলি তোৰা ধৰ্ম্মৰ বিচাৰ।
কোন শাস্ত্ৰে পায়া তোৰা অভিমুন্য মাৰ॥ ৬০৪
কৃষ্ণৰ সমস্ত কথা শুনি ধনঞ্জয়।
পুৰ্ব্বৰ যতেক কথা হইল উদয়॥
আৰক্ত নয়ন পাৰ্থ কোপে কম্পমান।
ধনুত যুড়িলা আনি তীক্ষ অস্ত্ৰগণ॥ ৬০৫
কৰ্ণও লৈলন্ত খঙ্গে নিজ ধনুখান।
অৰ্জ্জুন ওপৰে কৰে বাণ বৰিষণ॥
দুয়ো হানো দোহাকে মাৰয় শৰ চয়।
দুয়ো বীৰে কতোক্ষন স্তম্ভিয়া থাকয়॥ ৬০৬
এহেন সময়ে কৰ্ণ ব্ৰহ্মঅস্ত্ৰ ধৰি।
অৰ্জ্জুন ওপৰে হানে মহাকোপ কৰি॥
বাণ নিবাধিতে নপাৰিল ধনঞ্জয়।
হৃদয়ে পশিল শৰ দেখে তনোময়॥ ৬০৭