পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
কৰ্ণবধ।


হৃদয়ত তিনিশৰ পশিল সমুলি।
ৰথত ফুৰয় পাক হইয়া ব্যাকুলি॥ ৫০৬
কতোক্ষণে সুস্থ হুয়া তোমাৰ তনয়।
ছয় শৰে ভেদিলেক ভীমৰ হৃদয়॥
হৃদয়ত পৰি পিঠি ভাগে বাজভৈলা
গৰ্ত্ত পাই সৰ্প যেন পাতালে পশিলা॥ ৫০৭
পাছে সাতশৰ ভীমে প্ৰহাৰ কৰিলা।
দুঃশাসন বীৰে তাক পথতে ছেদিলা॥
শৰহত দেখি কোপিলও বৃকোদৰ।
ধনুত যুৰিলা আনি ভল্ল এক শৰ॥ ৫০৮
সুবৰ্ণৰ পুংশ যেন পত্ৰে আছে চাই।
দেখ শৰ যাই মোৰ চিন্তহ উপায়॥
পৰিলা হৃদয়ে শৰ ভৈলা অচেতন।
ইশা দণ্ড ধৰিয়া ৰহিলা দুঃশাসন॥ ৫০৯
পাছে ভীমসেন পশি কৈৰবী দলত।
বহুসেনা নিপতিলা গদাৰ কোবত॥
কেহো মৰিলেক কেহো গৈলেক পলাই।
ৰথে বহি ভীম বীৰে আছে ৰঙ্গ চাই॥ ৫১০
অনন্তৰে চেতন লভিলা দুঃশাসন।
দেখন্তে ভীমৰ ভয়ে পলাই সেনাগণ॥
থাক থাক বুলি ধনু তুলিলৈলা যদি।
মুঠিতেসে ধনু ভীমে পেলাইলেক ছেদি॥ ৫১১