পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কুলাচল-বধ।


জগতৰ নাথ হৰি দেব মহেশ্বৰ।
দারুক উদ্ধব সমে আসিয়া সত্বৰ॥
ঋষিসত্ৰ মাজে আসি উপগত ভৈলা।
মহামহা ঋষিগণে তাহাঙ্ক পুজিলা॥
পাছে পূৰ্ণানন্দ রূপ দেব কৃপাময়।
যদুৰাজা আনি যজ্ঞ কাৰাইলন্ত তয়॥
ব্ৰহ্মাহৰ আদি দশ দিগপাল আইল।
আপুনি আচাৰ্য্য হুয়া যজ্ঞ প্ৰবৰ্ত্তাইল॥
একাদশ দিন ব্ৰহ্মা ঋষিগণ সমে।
মাধবক পুজিলন্ত বিধি অনুক্ৰমে॥
পাছে যজ্ঞমুৰ্ত্তি ভগৱন্ত দেখা দিলা।
এহি ভাবে পাছে যজ্ঞ কাৰ্য্য বিসৰ্জিলা॥
বিলাইলন্ত ধনৰত্ন দিনা কুড়িমান।
পূজাপায়া লোক যত গৈলা নিজ স্থান॥
পাছে হৰি কতিপয় মাস আছিলন্ত।
পুনু দ্বাৰিকাক লাগি চলিয়া গৈলন্ত॥
সিটো স্থান এড়ি আমি আন থানে আইলো।
দুৰ্ব্বাসাত হন্তে পাছে মহাভয় পাইলো॥
বংশনাশ ভয়ে স্তুতি কৰিলো তাহাক।
নিজ ৰূপে দেখা প্ৰভু দিলন্ত আমাক॥