পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯৩
কুলাচল-বধ।


ষাঠিখৰ্ব্ব অসুৰ ৰাক্ষস বীৰবৰ।
মনুষ্যৰ হাতে বধছিদ্ৰ শঙ্কৰৰ॥
এহিবাক্য ব্ৰহ্মাইন্দ্ৰে বুলিয়া আছয়।
হেন শুনি আমৰাৰ ভৈল মহাভয়॥
অনেক প্ৰকাৰে ব্ৰহ্মইন্দ্ৰে বুলিলন্ত।
অস্ত্ৰ শস্ত্ৰ সমে জয় বৰক দিলন্ত॥
ইন্দ্ৰে চাৰিখান দিলা বিমান উত্তম।
তিনি ত্ৰিংশদিন যুদ্ধ কৰি অনুক্ৰম॥
চাৰিয়ো ভ্ৰাতৃক সিটো ৰণত ঢালিল।
অগস্তিৰ কৃপাগুণে পুনৰ্ব্বাৰ জীল॥
পাছে তিনিবাৰ কাটিলেক ধনঞ্জয়।
মহেশৰ বৰে সিটো গোট নমৰয়॥
আকাশৰ বচন শুনিয়া বৃকোদৰ।
কোবাই ভাঙ্গিলা মুণ্ড তাহাৰ সত্বৰ॥
তাৰ শুক্ল তেজে ভৈলা হ্ৰদ ভয়ঙ্কৰ।
গুছিলেক মৃত্যুভয় দেব মনুষ্যৰ॥
ব্ৰাহ্মণৰ বীৰ্জে সিটো হুয়াছিল জাত।
এতেকেসে ব্ৰহ্মহত্যা লাগিল আমাত॥
কতো দিনমানে চিন্তি আছোহোঁ তথাত।
পাছে কৃপাময় বৃষ্ণ মিলিল সাক্ষ্যাত॥