পৃষ্ঠা:কুলাচল বধ.djvu/৩৯৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৯২
কুলাচল-বধ।

তথা পুণ্ডৰিক নাগে দংশিলেক পাই।
একাদশ মাস মরি ৰৈলোঁ চাৰিভাই॥
ভীমে পাতালৰ সঞ্জীবনী মণি আনি।
অনুক্ৰমে তথাত জীৱাইলা পাঞ্চো প্ৰাণী॥
বাসুকি ৰাজাৰ জীৱ পৰম সুন্দৰী।
যৌতুক সহিতে বিহাদিলা ৰঙ্গকৰি॥
আস্তিক মুনিক তথা পাইলোঁ দৰিশন।
মলয় গিৰিক পাছে কৰিলোঁ গমন॥
ৰাক্ষস পিশাচ সবে মাৰিয়া পথত।
দ্ৰৌপদীৰ হাতে ম্লেছৰাজা প্ৰজাহত॥
পাছে পাইলো অগস্তি বাউলক দৰশন।
ঋষি কৰিলাহা বঘাসুৰৰ কথন॥
ব্ৰহ্ম ক্ষেত্ৰ গৈলোঁ ৰামদেবক নমিয়া।
তথাত ৰহিলো বড় আনন্দিত হুয়া॥
পাছে ব্ৰহ্মাইন্দ্ৰ আদি যত দেব গণ।
মহামুনি শতানন্দে প্ৰাৰ্থিলা তেখন॥
হাৰিল আঠৰবাৰৰ দেব পুৰন্দৰে।
তিনিয়ো লোকত সিটো অপকাৰ কৰে॥
তাহাক মাৰিয়া উদ্ধাৰিয়ো সুৰাসুৰ।
মহামুনি সবৰো কৰিয়ো দুঃখদুৰ॥