পৃষ্ঠা:কুলাচল বধ.djvu/৩৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮৯
কুলাচল-বধ।


যুধিষ্ঠিৰে বোলে মিত্ৰ তুমি মহাসন্ত।
তোমাৰ চৰিত্ৰ কৈলা গালব মহন্ত॥
ভোজকট বধ কৰি মোৰ ভাতৃগণ।
তোমৰাৰ নগৰ পাইলে দৰিশন॥
গৃহ বাড়ী ভণ্ডাৰ তড়াগ হস্তিশাল।
আনো অসংখ্যাত যত মন্দিৰ চৌচাল॥
ৰত্নে বিৰচিত সবে নগৰ তোমাৰ।
তাহৰ ভিতৰে একো নাহি নাৰীনৰ॥
তাক চাহি আসিয়া ঋষিত-পুচিলন্ত।
আদি অন্তে সবেকথা গালবে কৈলন্ত॥
যেনমতে তুমি নাছিলাহা অপুত্ৰক।
মহাপুরুষাৰ্থে যেনে যজিলা যজ্ঞক॥
বহ্নিৰ কুণ্ডত যেনে পুত্ৰক লভিলা।
তাহাৰ কাৰণে যেন কষ্টক ভুঞ্জিলা॥
স্বরূপত কষ্ট নুহি উপকাৰ হয়।
যিটো কৰ্ম্মে হৰিক পাৱয় লোকচয়॥
তাহাকে উত্তম কৰ্ম্ম বোলে সাধুজন।
তাহাত অধিক কৰ্ম্ম কি আছে শোভন॥
কোটি অশ্বমেধে যদি হৰিক নপাই।
তাহাৰ প্ৰমাণ দেখা পাইলা ইটো ঠাই॥