এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫৮
কুলাচল-বধ।
কুলাচল বীৰ কৰ্ণ নৃপতিৰ সুত।
হৰি হাতে মৰি সিটো ভৈলেক মুকুত॥
বৈকুণ্ঠে চলিলা ৰঙ্গে বিমানত চড়ি।
সেনাসবো মুকুত ভৈলেক হৰি বড়ি॥
অগস্তিৰ বাক্যে দেবদেব ভগবন্ত।
পাৱে ছুই কৰ্ণ নৃপতিক তাৰিলন্ত॥
শিলা গুচি সমাৰাজ ভৈলেক মুকুত।
এহি সব তান সৈন্য সামন্ত বহুত॥
কৰ্ণ ৰাজা খোজে দেখিবে তোমাক।
সেই হেতু ইথানে আনিলো তোমাসাক॥
তুমি যেন নৃপতি বৈষ্ণব সাজে সাৰ।
সেহিমত ভাৱ তেহে জানিবা বিচাৰ॥
দুয়ো ৰাজা পৰিচয় হুইবাক লাগয়।
এতেক কহিলা পাছে দেব হৰি হয়॥
সিদ্ধ বিদ্যাধৰ সমে চলিয়া গৈলন্ত।
অনন্তৰে দুয়ো ৰাজা একত্ৰ ভৈলন্ত॥
গুনা সভাসদ বনপৰ্ব্ব পূণ্যকথা।
পৰম ৰহস্য হংসকাফী নাম যথা॥
বিষ্ণু বৈষ্ণবৰ কথা সদা কৰা পান।
সংসাৰ ব্য়াধিৰ ইসে ঔষধ প্ৰধান॥
( ৩৩ )