পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৪
কুলাচল-বধ।


আপোনাতে ইহাৰ প্ৰমাণ বিদ্যমান।
সন্তৰ কৃপাত বৈকুণ্ঠত পাৱে স্থান॥
এহিবুলি ৰাজা অগস্তিক নমিলন্ত।
ভক্তি ভাবে গন্ধে পুষ্পে ধুপে পুজিলন্ত॥
পৰম সন্তোষে ঋষি দিলা আশীৰ্ব্বাদ।
পূৰ্ব্বতো কৰিয়া অতি কৰিল প্ৰসাদ॥
শুনা ৰাজা তোমাত কহও প্ৰতি প্ৰতি।
ভক্ত বৈষ্ণবত সদা নচাড়িবা ৰতি॥
মহন্তেসে কৰে সবে জগত উদ্ধাৰ।
ৰাজ্য সুখ ধনজন বাঢ়িবে অপাৰ॥
বলে পৰাক্ৰমে দশপুত্ৰ হৈবে জাত।
এক ইন্দ্ৰ মানে ভোগ ভূঞ্জিয়ো সাক্ষাত॥
বিষ্ণু বৈষ্ণবৰ মহাসেবাৰ বলত।
দেহ এড়ি থান তেবে পাইবা বৈকুণ্ঠত॥
হেন শিক্ষা দিয়া মুনি চলিয়া গৈলন্ত।
অসংখ্যাত অপসৰা বাসবে দিলন্ত॥
ৰজা সকলকো দিলা যথাযোগ্য মত।
কৰ্ণ নৃপতিক নাৰী দিলা একশত॥
অনন্তৰে কৰ্ণদত্ত নৃপতি সত্তৰ।
বাসবক পূজা কৰিলন্ত বিধিৱত॥