পৃষ্ঠা:কুলাচল বধ.djvu/৩৭৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৩
কুলাচল-বধ।


কৰ্ণদত্ত নৃপতি যতেক প্ৰজামান।
চাহিয়া আছন্ত কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ॥
দশ দিগপাল আনো ঋষি মুনিগণ।
নিজ নিজ স্থানে সবে কৰিলা গমন॥
অনন্তৰে কৰ্ণদত্ত হুয়া অবনত।
কৃষ্ণৰ প্ৰয়াণ চাহি আনন্দ মনত॥
অগস্তি প্ৰমুক্ষে ইন্দ্ৰ আছন্ত তহিত।
কৰিলন্ত কৰ্ম্ম যেন ঈশ্বৰে বিহিত॥
বেদধ্বনি কৰি পুনু মহা মুনিগণে।
নৃপতিক আশংসিলা মধুৰ বচনে॥
অগস্তি বদতি ৰাজা তুমি ভাগ্যৱন্ত।
কোটি অশ্বমেধ ৰজি যাক নপাৱন্ত॥
মনুষ্য শৰীৰে হেন বিষ্ণুক দেখিলা।
তোমাৰ পুত্ৰক যিটো বৈকুণ্ঠক নিলা॥
ৰাজাৱে বোলন্ত অনুগ্ৰহে তোমসাৰ।
বৈষ্ণৱৰ কৃপাতেসে লোকৰ নিস্তাৰ॥
মহন্তেসে কৰাৱে ঈশ্বৰ পৰিচয়।
সাধুসবে সংসাৰৰ গ্ৰন্থি বিনাশয়॥
ভৰসংসাৰত যাৰ তৰিবাক মন।
একচিত্ৰে উপাসোক সাধুৰ চৰণ॥

(৩২)