পৃষ্ঠা:কুলাচল বধ.djvu/৩৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৩
কুলাচল-বধ।


ঋষিসব সমে যেবে আছা দেৱহৰি।
ৰাজাক তাৰিবে মহা ৰঙ্গক আচৰি॥
মেঘৰ গৰ্জ্জনে পাছে বোলন্ত বচন।
শুনিয়ো আমাৰ যেন মনৰ কাৰণ॥
তযু বাক্য শিলা হুয়া আছে ৰাজাবৰ।
তোমাৰ কৃপাত মুক্ত হৌক নিৰন্তৰ॥
অগস্তি বোলন্ত দেৱ হৌক সৰ্ব্বভাৱ।
শুক্লময় শিলা আত পৰশিয়ো পাৱ॥
সাত প্ৰহৰৰ পথ দীৰ্ঘে প্ৰস্থে হয়।
এহিখানি মহী ঢাকি শিলা হুই আচয়॥
এতেকতে তযু কটাক্ষতে ভগৱন্ত।
সবে শিলা গুছি পূৰ্ব্ব শৰীৰ হৈবন্ত॥
অগস্তিৰ বাণী শুনি প্ৰভু নাৰায়ণ।
গরুড়ৰ পৰা পাৱ মেলিলা তেখন॥
যেতিক্ষণে তান পাৱ শিলাত লাগিল।
নিদ্ৰাৰ জাগিয়া যেন পুরুষ উঠিল॥
পাৰিষদ সেনা সবো অস্তৰি বহিল।
অসংখ্যাত ৰাজাগণে আবৰি বসিল॥
পূৰ্ব্বৱতে বস্ত্ৰ অলঙ্কাৰে সুমণ্ডিত।
মাজত সহিতে হস্তীসব বিপৰীত॥