পৃষ্ঠা:কুলাচল বধ.djvu/৩৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫৯
কুলাচল-বধ।


যি কৰ্ম্মত তোমাক পাৱয় দৰিশন।
তাহেকেসে কৰ্ম্ম ধৰ্ম্ম বোলে সাধুজন॥
মহা কায় কষ্টব্ৰতে নপাওঁ তোমাক।
দানৱৰ কাৰণেসে দেখিলো তোমাক॥
কিনো ধন্য কিনো ধন্য কুলাচল বীৰ।
পৰম প্ৰসাদসিটো লভিল হৰিৰ॥
এহি কহি মুনিবৰে প্ৰেমত মজ্বিল।
ঋষিৰ প্ৰেমক দেখি হৰি প্ৰশংসিল॥
পৰম যোগেন্দ্ৰ তুমি সাধু মধ্যে সাৰ।
তোমাৰ সুযশ কীৰ্ত্তি লোকত প্ৰচাৰ॥
আরু এক কহোঁ কথা শুনিয়োক তাত।
তনু ভৃত্য কৰ্ণ ৰাজা জগতে প্ৰখ্যাত॥
সহস্ৰেক যজ্ঞে ঘিবা যজিছে তোমাক।
লাগয় তোমাৰ তাক কৃপা কৰিবাক॥
অল্পমান ভক্তি যিটো তোমাত কৰয়।
তাকো মোৰে বুলি দয়া কৰা কৃপাময়॥
এতেকেসে কৰ্ণ ৰাজা ক্ৰোধ চণ্ডালত।
পাথৰ স্বৰূপে পড়ি আছয় সমস্ত॥
হস্তী ঘোঁৰা ৰথী ৰথ ৰাজা সহস্ৰেক।
মোৰ কষ্টে শিলা হুয়া আছয় প্ৰত্যেক॥