পৃষ্ঠা:কুলাচল বধ.djvu/৩৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৯
কুলাচল-বধ।


বিষ্ণু বৈষ্ণবৰ,  দুইহানো চৰিত্ৰ,
 আত কৰা সতকাৰ।
ভাৰত ভূষণে, হৰি পাৱে ভণে,
 দুলড়ি ছন্দে পৱাৰ॥
হেন জানি সবে, আন কৰ্ম্ম এড়ি,
 লবা কৃষ্ণ গুণনাম।
মিলিহে মুকুতি, তৰিবা দুৰ্গতি,
 ডাকি বোলা ৰাম ৰাম॥

ঝুমুৰি।

জৈমিনি মহাসন্ত।
কৰযোড়ে পুছিলন্ত॥
কহিয়ো বান্ধৱগণ।
পাছ কথা বিতোপন॥
দানৱ বধিলা হৰি।
ব্ৰহ্মাহৰে নতি কৰি॥
আপোন থানক গৈলা।
পাছে হৰি কি কৰিলা॥
কিবা বৈকুণ্ঠক গৈল।
পাণ্ডৱক কি বুলিল॥

(৩০)