পৃষ্ঠা:কুলাচল বধ.djvu/৩৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৭
কুলাচল-বধ।


অনন্তৰে পালটি চলিল নাৰায়ণ।
দেখিয়া দানৱ গোট উঠিল তেখন॥
বোলে মোৰ ভয়তে পলাৱে দেৱহৰি।
মোক আবে নামাৰি পালটা কেন কৰি॥
এহি বুলি ডেডাইবে লাগিলা ক্ৰুৰজন।
কুলক্ষণ মৰ-ৰৱ ডাকে ঘনে ঘন॥
তাহাৰ নাদত সবে ত্ৰাস ভৈলা বড়ে।
কাণ ফাটি যায় যেন শৃঙ্গ ভাগি পড়ে॥
মুষলেক পড়িয়াছে সহস্ৰ হাতৰ।
বেঢ়েও হোৱয় সিটো সাত মুনিবৰ॥
নকাটিল চক্ৰে তাক এড়িয়া আসিল।
মহাখঙ্গে দুৰাচাৰে তাহাকে ধৰিল॥
যেহেন গোৱালে ডাঙ্গ ধৰিলেক তুলি।
কৈক যাইবা হৰি আজি ৰহ ৰহ বুলি॥
খানিকে গৈলেক পথ তিনি প্ৰহৰৰ।
যৈত শিলা ভৈল কৰ্ণ দত্ত নৃপবৰ॥
মন্দৰৰ শৃঙ্গ যেন দেখি ভয়ঙ্কৰ।
তাতে উঠি হৰি নামিলন্ত গরুড়ৰ॥
তাৰ পৰা নিহালি চাহিলা কৃপাময়।
যজ্ঞৰ মণ্ডপ খান দূৰতে জলয়॥

(২৯)