পৃষ্ঠা:কুলাচল বধ.djvu/২৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯০
কুলাচল-বধ।


বাঙ্কি সেনা নায়কক,  সমস্তকে মাতি ৰাজা,
 বুলিলন্ত হেনয় বচন॥
শুনা সেনাপতিচয়,  মহাৰণ মিলিলেক
 মোৰ লগে চলা সৰ্ব্বজন।
অস্ত্ৰ শস্ত্ৰ নিবন্ধিয়া,  সজায়ো মোহোৰ ৰথ
 আজি দেখন্তোক মোৰ ৰণ॥
বপুসুত নিগদতি, শুনা মুনি মহামতি
 পাছ কথা আত অনন্তৰ।
কুলাচল মহাবলী,  ৰজনী বঞ্চিয়া তথা,
 আৰ দিনা জপাইলা সমৰ॥
শুনিয়োক সভাসদ, কুলাচল বধ পদ,
 দেখা তান মনৰ আশয়॥
নিন্দিত শৰীৰ পাই,  মাধবৰ হাতে মৰি,
 দেখা কেনে মুকুতি বাঞ্চয়॥
ইটো মহাভাৰতত, নৰতনু পায়া আছি,
 দেব সবো ইহাক বাঞ্চয়।
হৃদয়ত ৰূপ ধৰি, শ্ৰবণ কীৰ্ত্তন কৰি,
 সুখে বসি মুকুতি পাৱয়॥
হেন জানি লোক যত, অশাস্বত শৰীৰত,
 তেজি মিছা বিষয়ৰ কাম।