পৃষ্ঠা:কুলাচল বধ.djvu/২৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
কুলাচল-বধ।


এতেকেসে তাক নমাৰন্ত বনমালী।
ভকতৰ বচনক মনত আকলি॥
সেহি বেলা কুলাচলে আন ধনু ধৰি।
প্ৰহাৰ কৰয় বাণ মহাবেগ কৰি॥
পাৰিষদ সমুহক নিশেষ ঘালিল।
পরুড়কো মহাশৰগণে প্ৰয়াসিল॥
কৃষ্ণৰ বাহন পক্ষিৰাজ মহা ছোটে।
ঢলো পড়ো কৰে অতি পৰম আছোটে॥
স্বস্থ কৰি পাছে হৰি চক্ৰক ধৰিলা।
আগবাঢ়ি তাক প্ৰতি বেগে প্ৰহাৰিলা॥
মহাশব্দ কৰিয়া তাহাক লাগ পাই।
স্বন্ধ হন্তে শিৰগোট পেলাইলা খসাই॥
শিৰগোট কাটি আরু অস্ফোট কৰিল
ৰথৰ মহিষ সব কাটিবে লাগিল॥
যাঠি গোট সাৰথি ৰথত আছে ৰৈই।
কাটিয়া পেলাইলা চক্ৰে মহাবেগে গৈ॥
মহা বায়ু যিমতে সাৰয় তালফল।
সেহিমতে চক্ৰে কাটে দানব সকল॥
শতেক মহিষ তাৰ ৰথ ভয়ঙ্কৰ।
ভাঙ্গিয়া পেলাইল যেন পৰ্ব্বত শিখৰ॥