পৃষ্ঠা:কুলাচল বধ.djvu/২০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৫
কুলাচল-বধ

সহস্ৰ আননে যাক বিভাগি গাৱয়।
হেন হৰি কংস ভয়ে গোকুলে বহয়॥
সৃষ্টি স্থিতি প্ৰলয় কটাক্ষে হৱে যাৰ।
ইটো কোন কৰ্ম্ম তুমি হবা ভুমি ভাৰ॥
যাৰ ৰোমৰন্দ্ৰে কোটি ব্ৰহ্মাণ্ড হোৱয়।
সেহি হৰি গোপী বশ্য হুয়া বিচৰয়॥
যাৰ স্থুল সূক্ষ্মলীলা নজানয় কেৱ।
যশোদাৰ হাতে বন্ধ লৱে হেন দেৱ॥
যিটো পূৰ্ণানন্দ থাকা পূৰ্ণ বৈকুণ্ঠত।
হেন হৰি গোপরূপে ভৈলাহা বেকত॥
কমনে গমিবে তযু লীলা ব্যবহাৰ।
অনন্ত নিগমে সীমা নাহি পান্ত বাৰ॥
ভকত বৎসল হৰি গুপ্ত অবতাৰ।
ভকতে জানয় হেন মহিমা অপাৰ॥
দৈবকী নন্দন নাম ধৰি আছা তুমি।
তুমি শজ ব্ৰহ্ম হেন নজানোহো স্বামী॥
কতো জানি বোলো হোৱা মৰাৰ তনয়।
তুনি পুনু অচিন্ত অনন্ত নিৰাময়॥
মহন্তক কৰিয়া হৰিবাহা তুমি তাৰ।
পৰস দুৰ্জ্জন সৰ চিন্তিবাহা সাৰ॥

১৮