এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য-কমলাৰ কক্ষ।
(এখন শয্যাত কমলা শুই থাকে; টোপনি। বিমলাই
আগৰ গীতটো গাই গাই লাহে লাহে
শয্যাত বহেহি।
বিমলাই গীত গাই থাকে, তেতিয়াও কমলাৰ টোপনি। )
বিমলা— হেৰা, হেৰা—[গাত ধৰি জোকাৰে]
কমলা- [সাৰ পাই চকু মোহাৰি ] অ’ তুমি; কেতিয়া আহিলা?
বিমলা- মই বাৰু যেতিয়াই আহো,কাক দেখিছিলা? কুমাৰক নে কোনোবা কুমাৰক?
কমলা— জানো কি কৈছা তুমি!
[ বিচনাতে গাৰুত আউজি বহে]
বিমলা— কিবা কিবি দেখা নাই জানো সপোনত?
কমলা- [ ভাবি ] কিবা সপোন এটা দেখিছিলো হ’ব পায় সখী, পিচে এতিয়া
মনত নপৰা হ'ল;
বিমলা— পৰিব, পৰিব, কেলৈ নপৰিব? মনত নপৰিবলৈহে সপোনে দিনতে গবা
মাৰি ধৰিছেহি?
কমলা— বাৰু, তুমি দিনত সপোন দেখানে? [ বিমলাই মূৰ জোকাৰে ] ৰাতি একা?
[ বিমলাই মূৰ জোকাৰে ] মই হ'লে ৰাতিও দেখো দিনতো দেখো।