পৃষ্ঠা:কালকুঞ্জ ও শোষক বধ.pdf/১০৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১০৯ ]

অনন্তৰে যুধিষ্ঠিৰে বোলয় বচন।
কোন থানে আমি আহি আছো কোন বন॥
যেন কতো কালনিদ্ৰা কৰিয়াছো দুখে।
জাগিয়া আছোহোঁ দেখো আমি বৰ সুখে॥৫০৩
কহিয়োক জানা সবে ইহাৰ কাৰণ।
আমাৰ বৃত্তান্ত যেন কহিয়ো লক্ষণ॥
অৰ্জ্জুনে বোলন্ত নাজানোহো আৰ কাজ।
আমাৰ বিপত্তি যেন ভৈলা মহাভাগ॥ ৫০৪
ইহাৰ কাৰণ জানে দ্ৰুপদ জিয়াৰী।
আনে ভালমন্দ কিছো কহিতে নাপাৰি॥
ঋষিয়ে বোলন্ত জানা ৰাজা জন্মিজয়।
ভকতৰ মৃত্যু আবে কোথাতে আছয়॥ ৫০৫
পাণ্ডবৰ কষ্ট দুখ খণ্ডিলাহা হৰি।
ভকতক ৰাখি ফুৰে মহা যত্ন কৰি৷।
হেন জানি কৃষ্ণপাৱে কৰিয়ো ভকতি।
হৰি বিনে আন কেৱে নপাবয় গতি॥ ৫০৬
শুনা সভাসদ পদ বৈষ্ণব চৰিত।
ইসে সুখ দিবে জানা দুৰ্ঘোৰ কলিত॥
যিতো বিষয়ৰ আসে নভজে হৰিক।
কালে উৰুৱাই নিব অপেক্ষিব কিক॥৫০৭