পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০

ফুলৰ কোমল হিয়া,
মিছা কথা তেনে।
মিছা সৰলতা ছবি,
মিছা মিচিকীয়া হাঁহি
সকলােটি হ’ল বেয়া আজি দুৰ্দ্দিনত!
ভাল মাথোঁ থাকে ভাল সম্পদ কালত॥
*  *  *
*  *  *
থাক বাৰু, সন্ধ্যা হ’ক
বেলিটিও মাৰ য’ক
কান্দিব লাগিব তয়ো
পৰি বিৰহত!
এতিয়া হাঁহিছ মােক,
জানিবি পাছত॥

কমতাপুৰ ধ্বংস কাব্য (page 259 crop)
কমতাপুৰ ধ্বংস কাব্য (page 259 crop)