পৃষ্ঠা:কথা-গীতা.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
চতুৰ্থ অধ্যায়।

সবো মোক এডি ইন্দ্ৰাদিক ভজে বুলি তাৰাকো উপেক্ষা নকৰোঁ। যাতো সকল লোকে সকল প্ৰকাৰে মোকে অনুবৰ্ত্তে। হেন নুবুলিবা, তেবে মোক্ষৰ অৰ্থে কিসক সবে নভজে, তাত শুনা।

 এই মনুষ্য লোকত শীঘ্ৰে কৰ্ম্মফলক আকাঙক্ষা কৰি ইন্দ্ৰাদি দেবতাক ভজে, সাক্ষাতে মোক নভজে। যাতো কৰ্ম্ম ফল শীঘ্ৰে হয, জ্ঞানৰ ফল. মোক্ষ শীঘ্ৰে নঘটে। তাত হেন বুলিবা কেযো সকামে কেযো নিষ্কামে প্ৰবৰ্ত্তে। কম্ম- বৈচিত্ৰ দেখি, কৰ্ম্মকৰ্ত্তা ব্ৰাহ্মণাদিৰো উত্তম অধম কৰা, কেমনে তোমাৰ বৈষম্য নাই, আত শুনা। গুণকৰ্ম্ম বিভাগে, চাৰিযো জাতিক মঞি স্ৰজিছোঁ ই সত্য হয। তাত সত্ব প্ৰধান ব্ৰাহ্মণৰ শমদমাদি কৰ্ম্ম। ৰজ প্ৰধান ক্ষত্ৰিযৰ যুদ্ধাদি কৰ্ম্ম। ৰজ স্তম প্ৰধান বৈশ্যৰ কৃষি বাণিজ্য কৰ্ম্ম। তম প্ৰধান শূদ্ৰৰ তিনিযো জাতিৰ শুশ্ৰুষাদি কৰ্ম্ম। এমনে কৰ্ত্তা হন্তে ফলত অকৰ্ত্তা কৰি মোক জানিবা যাতো আসক্তি নাই পদে শ্ৰম নপাউ। নিৰহঙ্কাৰ পদে জগতৰ সৃষ্টি আদি কৰ্ম্মতো মোৰ আসক্তি নাই। আপ্তকাম পদে ফলতো স্পৃহা নাই। মোক কৰ্ম্মে বন্ধ নকৰিব তাক কি বুলিবো। কৰ্ম্মত অনাসক্ত কৰি যি মোক জানে সিও কৰ্ম্মে বন্ধ নহে। মোৰ নিৰ্ল্লেপ কাৰণ নিৰহঙ্কাৰ নিস্পৃহাদি জানন্তাৰো অহঙ্কাৰ শিথিল হয়। অহঙ্কাৰ এড়ি কৰ্ম্ম কৰিলে বন্ধ নহে জানি পূৰ্ব্বত জনকাদি মুমুক্ষুসবো কৰ্ম্ম কৰিছে। এতেকে তুমি প্ৰথমে কৰ্ম্ম কৰা। সিয়ো কৰ্ম্ম তত্ত্বজ্ঞানী সমে বিচাৰ কৰি কৰিবা লোক পৰম্পৰায়ে নকৰিবা।