পৃষ্ঠা:কথা-গীতা.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
দ্বিতীয় অধ্যায়।

 পাচে কি প্ৰৱৰ্ত্তিল এই অপেক্ষাত সঞ্জয়ে কহন্ত, জানা ৰাজা, এমনে অৰ্জ্জুন কৃপায়ে ব্যাপ্ত হুয়া শোকলোতকে আকুল- নেত্ৰ হুয়া খেদ কৰিতে, অৰ্জ্জুনক মধুসূদন ভগৱন্তে বুলিবে লাগিলা। হে পৰন্তপ সখি, এই যুদ্ধসঙ্কটত কেনে তোমাৰ স্বতসে মোহ ভৈল, আক সাধুসবে নতো কৰে, স্বৰ্গকো নসাধে, অধৰ্ম্মো হয়, অকীৰ্ত্তিকো কৰে। এতেকে তুমি কাতৰ নকৰিবা। তোমাত ই যোগ্য নহে। অন্যায় কাৰ্পণ্য এড়ি যুদ্ধক উঠা। অৰ্জ্জুনে বোলন্ত হে মধুসূদন, মঞি কাতৰে যুদ্ধ এড়িলো, ই নহে; কিন্তু অন্যায় দেখিসে নিবৰ্ত্তিলো তাক শুনা। ভীষ্মপিতামহ, দ্ৰোণগুৰু, দুইকো পূজা কৰিতে লাগে; যাক বচনতো যুঝিম বুলিতে ভাল নহে, তাৰাক কেমনে শৰে যুৰ্দ্ধ কৰিম? যদি বোলা তেবে তোমাৰ দেহযাত্ৰাও নুহিবেক, তাত শুনা। পৰলোক অহিত গুৰু বধ নকৰি, ইহলোকত ভিক্ষান্ন ভোজনো উচিত হয়। গুৰুবধ কৰিলে পুনু ইহলোকত ৰুধিৰে লিপ্ত অৰ্থকামসব ভোজন কৰিম। যদি বোলা তেবে তাৰাকে যুদ্ধত নিবৰ্ত্তাৱা, সিয়ো নঘটয়। যুধিষ্ঠিৰৰ আগে ভীষ্মে কহিছা, অৰ্থৰ দাস পুৰুষ, অৰ্থ কাৰো দাস নহে, আক তুমি সত্যে জানিবা। এতেকে অৰ্থ দিয়া কৌৰবে আমাক বন্ধ কৰিছে, এহি হেতু জানি, তাৰা অৰ্থতৃষ্ণাকুল হুয়া যুদ্ধ এড়িবে নহে। এতেকে