পৃষ্ঠা:কথা-গীতা.djvu/১৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ভূমিকা।

“নাৰায়ণং নমস্কৃত্য নৰঞ্চৈব নৰোত্তমম্।
দেবীং সৰস্বতীং চৈব ততোজয়মূদীৰয়েৎ”॥

 শ্ৰীমদ্ভগৱদ্গীতা পৃথিবীৰ ভিতৰত এখন অতুলনীয় গ্ৰন্থ। এনে এখন অমূল্য গ্ৰন্থক যে সমস্ত সভ্য জগতে আদৰ আৰু শ্ৰদ্ধা কৰিব সি একো গীতাৰ মহত্ব।আচৰিত কথা নহয়। পৃথিবীৰ ভিতৰত এনে কোনো সভ্য ভাষা নাই যি ভাষাত গীতাৰ ভাঙ্গণী ৰচিত হোৱা নাই; এনে কোনো সভ্য জাতি নাই যি গীতা পঢ়ি তাক এখন অতি গভীৰ দৰ্শন শাস্ত্ৰ বুলি স্বীকাৰ কৰা নাই। গেলেলোজ নামে এজন গ্ৰীক পণ্ডিতে ইয়াক গ্ৰীক ভাষালৈ ভাঙ্গিছে, ষ্টেনিশ্লেও নামে এজন ইটালী দেশৰ পণ্ডিতে ইয়াক ইটালীয়ান ভাষালৈ ভাঙ্গিছে, বৰ্নোফ নামে এজন ফ্ৰেঞ্চ পণ্ডিতে ইয়াক ফ্ৰেঞ্চ ভাষালৈ আৰু লেচেন নামে এজন পণ্ডিতে লেটিন ভাষালৈ অনুবাদ কৰিছে। ইংৰাজী ভাষালৈ ইয়াক কেইবা জনো ডাঙ্গৰ পণ্ডিতে তৰ্জমা কৰিছে, যেনে উইলকিন, টমচন, জন ডেভিচ, মেথিউ আৰ্ণন্ড, টেলাঙ্গ আৰু এনি বেচান্ত। যেতিয়া ভাৰতবৰ্ষত ওৱাৰেন হেষ্টিংচ গবৰ্ণৰ জেনেৰেল আছিল, তেতিয়া প্ৰথমে চাৰ্লচ উইলকিনে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ ৰচনা কৰি ভাৰত- বৰ্ষৰ আৰ্য ঋষিবিলাকৰ তত্ত্ব-জ্ঞান সম্বন্ধে জগতবাসীক তধা লগায়।

 যি শাস্ত্ৰক বিদেশীয় পণ্ডিতবিলাকে ইমান আদৰ কৰিছে, ভাৰতবৰ্ষৰ পণ্ডিতবিলাকে যে, সেই শাস্ত্ৰক সকলো শাস্ত্ৰৰ ওপৰত ঠাই দিব তাক কবৰে সকাম নাই। সনাতন ধৰ্ম্মৰ গূঢ় তত্ত্ববিলাক যি উপনিষদ শাস্ত্ৰ