পালে। বৰ্ত্তমান তেনে ধ্বংস-শ্মশানৰ ছাইৰ পৰা এই ব্ৰীশিক্ষা উদ্ধাৰ কৰিবৰ চেষ্টা পাওঁতে এই নৈষ্ঠিকানন্দ স্বামীসকলেই বিধি- পথালি লগায়। আজিকালি ভাৰতৰ কিছুমান নৈষ্ঠিকানন্দ স্ত্ৰী বিহীন স্বামী ওলাই স্কুল কলেজৰ ছাত্ৰসকলৰ মনক বিভ্ৰম কৰি পেলাইছে। তেখেতসকলে যি নৈষ্ঠিকতা প্ৰচাৰ কৰে তাৰ দ্বাৰাই জাতি- ভেদ ৰক্ষা কৰি কটাঘাত খাৰণি দিয়াৰ দৰে জাতিভেদৰ ওপৰত ন ন জাতিভেদ পাতি হিন্দু জাতি আৰু ধৰ্ম্মক উছন যোৱাৰ বন্দবস্ত লগাব খোজে আৰু সনাতন ধৰ্ম্মটিক অসনাতন ধৰ্ম্ম পাতিব খোজে। তেখেতসকলে যিদৰে হিন্দুৰ ধৰ্ম্ম আচাৰ আৰু ব্যৱহাৰ পাতিব খোজে তাক ভালদৰে টলকি চালে কেৱল ঘৃণা অহঙ্কাৰ আৰু বিদ্বেষ আদিৰহে সত্ৰ বুলিব পৰা যায়। এতিয়া যুগধৰ্ম্মৰ জ্ঞানে কোনো মানুহৰ চকুত বালি মাৰিব নিদিয়ে। এতেকে হে নৈষ্ঠিকানন্দ স্বামী- সকল! আপোনাসকলে কিয় ভাৰতৰ জাগৰণ হবলৈ খোজা অৱ- স্থাৰ বাটত বিধি-পথালি কৰে। সময়-সোঁতক যি ভেটা দিবলৈ যায় তাৰ নিষ্ফলতা লাভ কৰাটো ধুৰূপ কথা। এতিয়া আৰু মায়া- বাদ দেখুৱাই ইহকাল কেৱল দুখৰ বোজা, পৰকাল মাত্ৰ বৈকুণ্ঠ এনে বিশ্বাস জন্মাই নৈষ্ঠিকানন্দ স্বামীসকলে দুখকাৰীয়ে দুখ কৰি ঘটা ধনৰ ভাগ বহি বহি লবৰ দিন নাই। এতিয়া প্ৰায় সকলোৱে বুজিছে এই ভাৰতত বেদ-পৰায়ণ দৰ্শনত দাৰ্শনিক, যুদ্ধবিদ্যাত মহা পটু, জ্ঞানত মহাজ্ঞানী, সঙ্গীত বিদ্যাত বৰ পাৰ্গত, কৃষি-বিদ্যা, শিল্প- বিদ্যা আৰু ব্যৱস্থা-শাস্ত্ৰত মহাব্যবস্থাপক আৰু পাৰদৰ্শী একাধাৰে সকলো গুণেৰে বিভূষিত হৈ ব্ৰহ্মক জানি ব্ৰাহ্মণত্ব লাভ কৰা অজি- কালি এনে বামুণ নাই। এতিয়া কেৱল আছে স্বাৰ্থপৰ ধৰ্ম্মৰ কিছুমান দোকানী; এইসকলে কি তীৰ্থত কি দেৱমন্দিৰত, কি
পৃষ্ঠা:কঃ পন্থাঃ.djvu/৭৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
কঃ পন্থাঃ
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/3c/%E0%A6%95%E0%A6%83_%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%83.djvu/page77-1024px-%E0%A6%95%E0%A6%83_%E0%A6%AA%E0%A6%A8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A6%83.djvu.jpg)