: পাৰ নিশ্চয় পাৰ, বহ ইয়াতে...অলপ মুকলি বতাহৰ সোৱাদ ল। অনুপম
পেট কিন্তু বনাইচ দেই।
: মুখ নলগাবি দেই, বহুত কষ্টৰে বনোৱা।
: পিছে কি হ’ল কচোন কথাবোৰ, হঠাৎ বিয়া ঠিক হৈ হঠাৎ ভাঙিল যে?
কৌতুহলেৰে সুধিলো। কথাবোৰ কোৱাৰ আগতে দীঘলকৈ এটা হুমুনিয়াহকাঢ়িলে
শান্তনুৱে।
: বন্দনাৰ সৈতে যোৱা পাঁচবছৰমান মোৰ কোনো সম্পৰ্ক নাছিল। ক’তো
লগো পোৱা নাছিলো আৰু ফোনতো কথা-বতৰা হোৱা নাছিল। ক’বলৈ গলে
মই তাইক প্ৰায় পাহৰি যোৱাৰ দৰেই হৈছিল ... দুসপ্তাহ আগতে ঘৰলৈ আহোঁতে
তাইক হঠাৎ দেখা পালো বাটতে। সেই মুহূৰ্তত খুব চিন্তিত যেন লাগিছিল তাইক।
তাইৰ খবৰ খাটি শুধোতে তাই উত্তৰো ভালদৰে দিয়া নাছিল। তাৰ পিছত কিবা
দৰকাৰী কাম থকাৰ অজুহাত দেখুৱাই তাই আঁতৰি গৈছিল। বহুত দিনৰ মূৰত
তাইক লগ পাই ভালো লাগিছিল আনহাতে, তাই বেজাৰত থকা দেখি বেয়াও
লাগিছিল।
: তাৰ কেইদিনমান পাছৰ কথা। এদিন হঠাৎ তাই আহি আমাৰ ঘৰ ওলালেহি।
: শান্তনু তোৰ সৈতে দৰকাৰী কথা এটা পাতিব আছে।
: কি কথা?
: ঘৰৰ ভিতৰত ক'ব নোৱাৰি, অন্য ঠাইত যাওঁ ব’ল।
: তাই কি কথা ক'ব বিচাৰিছিল তাক জনাৰ উদ্দেশ্যেৰে মই তাইক এই
মথাউৰিটোলৈকে লৈ আহিলো।
: কি কথা ক এতিয়া। মই ক'লো।
একো উত্তৰ নিদি তাই অলপ সময় নীৰৱ হৈ থাকিলে। তাৰ পাছত হঠাৎ
হুকহুকাই কান্দি উঠিল। তাইৰ চকুলোবোৰ দেখি অতদিনে মনত লুকাই থকা
মৰমবোৰ যেন জপিয়াই ওলায় আহিছিল বাহিৰলৈ। মন গৈছিল তাই সাবটি
ল’বলৈ, বুকুত মূৰটো গুজি তাইক শান্ত্বনা দিবলৈ। পিছে নিজকে তেনে কৰাৰ
পৰা বিৰত ৰাখি তাইক নাকান্দিবলৈ অনুৰোধ কৰিলো। নীৰৱ হৈ অপেক্ষ কৰিলো
তাইৰ উচুপনি বন্ধ হোৱালৈ।
: তই মোক খুব ভাল পাইছিলি ন? তাই সুধিলে৷
: কিয় সুধিছ? প্ৰাঞ্জলৰ সৈতে কিবা কাজিয়া লাগিলি নেকি?