১২ • একুৰি এটা গল্প
বৰ্ণালীয়ে এতিয়াও তাইৰ পৰা পলাব বিচাৰি আছে নেকি?
— চোৱানা এলবামকেইটা। আমাৰ বহুত পুৰণি ফটো আছে। মই প্ৰায়েই
চাওঁ জানা।
— নাচাওঁ। এলবামত থকা ফটোবোৰ মোৰ মনত ভালদৰে সজীৱ হৈ
আছে। মোক তোমাৰ খবৰ লাগে। তুমি কেনে আছা, কি কৰিছা, তোমাৰ পতি,
ঘৰ, প্ৰেম?
বৰ্ণালীৰ মুখখন গহীন হ’ল। তাই আগুৱাই আহি যমুনাৰ নিচেই কাষতে
বহি পৰিল। হঠাতে তাই যমুনাক সাবটি ধৰিলে। বৰ জোৰেৰে তাই যমুনাক
আঁকোৱালি লৈছে যেন বহুদিন তাই কাকো আঁকোৱালি লোৱাই নাই অথবা
তাই তাইৰ মানসিক আৱেগ দমন কৰিব বিচাৰিছে!
—বৰ্ণালী, কি হৈছে অ’, চাওঁ এৰি দিয়া। সহজ হোৱাচোন —যমুনাই
কোৱাৰ পাছতো তাই কিছুপৰ যমুনাক সাৱটি ধৰিয়েই থাকিল। কিছুপৰ পাছত
তাই যমুনাক এৰি দিয়াত তাই বৰ্ণালীলৈ চালে— নাই, তাই কন্দা নাই— তুমি
ভালে আছাতো?
— আছো। বৰ্ণালীয়ে মূৰ জোকাৰিলে। কিন্তু ক্ষন্তেকপৰ পাছতেই তাই
যমুনাৰ হাত এখন চেপি ধৰি ক'লে— যমুনা, তুমি মাজে মাজে আহি থাকিবা।
তুমি আহি থাকিলে মোৰ ভাল লাগিব। কিন্তু প্লিজ ‘তুমি সুখীনে’, ‘ভালে আছানে’
জাতীয় প্ৰশ্ন মোক নুসুধিবা। মই সুখী। বহুত ধনী, সুন্দৰ, উচ্চ পদবীধাৰী স্বামী
বিয়া কৰালো। প্ৰকাণ্ড ঘৰ, গাড়ী, লগুৱা, মালী সকলো আছে। সন্তান এটাও
আছে। সু-শিক্ষাৰ নামত হোষ্টেলত। বয়স ৬ বছৰ। মাহত দুদিনৰ বাবে ওচৰত
পাওঁ। সকলোৱে জানে আৰু মানে যে ‘মই বৰ ভাগ্যৱতী আৰু সুখী’, তুমিও
মানিবা। কিন্তু তুমি ঘনাই আহিবা। প্লিজ যমুনা, তুমি আহি থাকিলে এছাটি মুকলি
বতাহ যেন মই পাই থাকিম। মোৰ বৈবাহিক জীৱনটো বাদ দি তুমি আৰু মই
একান্ত আপোন হৈ কলেজত কটোৱা সেই সময়খিনিকে আকৌ উপভোগ কৰিম....।
যমুনাৰ গাটো স্থবিৰ হোৱা যেন লাগিল। বহুপৰ তেনেকৈয়ে বহি থাকি
তাই গা লৰালে। বহুপৰ হ’ল বৰ্ণালী, আজি যাওঁগৈ। পাছত লগ পাম, আহিম।
—আহিম নহয় যাম। ফোনযোগে ঠিক কৰি দুয়োৰে আজৰি পৰত
দুয়ো ফুৰিম, ফূৰ্তি কৰিম। ঘৰৰ বন্ধ বেৰৰ মাজত মোৰ বৰ অসহ্য লাগে অ’।
হৃদয় ভেদি নিয়া এটা গভীৰ চাৱনি বিনিময় কৰি যমুনাই ঘনাই লগ পোৱাৰ মন লৈ উঠি আহিল। ⮰