এটা সময়ত, গােটেইবােৰ আহি ভিতৰত সােমালহি৷ টি.ৱি.টোও চলিল।
তাৰ পিছৰপৰা আৰু ৰূমটোৰ পৰিৱেশ-পৰিস্থিতি মােটামুটি স্বাভাৱিক।
কিছুসময়ৰ পিছতে, প্রস্রাৱ কৰিবলৈ বুলি টয়লেটলৈ যাওতেই অমলহঁতৰ পিছ দুৱাৰমুখতে বলিনৰ খােজটো পিছে হঠাৎ ৰৈ গ'ল। মানে, সেই সময়তে, অমল আৰু তাৰ ওৱাইফৰ চেপামৰা কণ্ঠৰ কথাকেইটামান তাৰ কাণত পৰিলহি।
‘আনে ঘৰ এৰি নিদিব আৰু দোষটো হ'লগৈ আমাৰহে! দেখিছানে?’
হঠাৎ যাতে তাৰ কাহ বা হাঁচি এটা নাহে, তাৰ বাবে বলিন সজাগ হ’ল।
‘এৰা পাই, আমি কিবা ঠিকা লৈ থৈছিলাে নেকি?
‘এতিয়া, এনেই এনেই দুটাকৈ পৰিয়ালৰ লগত বেয়া হ'লােহি।’
‘হ’ব আৰু, উপায়তাে নাই। কেতিয়াবা এনেকুৱা হৈ যায় আৰু!
কাইলৈ, দেখিছোঁ, বেলেগ ঘৰ এটাহে...’
বলিন আৰু ৰৈ নাথাকিল। খৰখােজেৰে গৈ ইউৰিনেলত সােমালগৈ।
বহুদিনৰ মূৰত সি যেন প্রাণখুলি প্রস্রাৱ কৰিলে।
প্ৰস্ৰাৱ কৰি থাকোতেই, অমলহঁতৰ কথাবােৰ ভাবি ভাবি এটা সময়ত তাৰ হাঁহি এটাহে উঠি আহিল। দেহি ঐ, ভাবিছিলি কি আৰু হ'লগৈ কি !
কাৰােবাৰ কথা শুনি আন কাৰােবাক অন্যায় কৰিবলৈ যাব নাপায় নহয়।
হয়, কিবাকিবি অসুবিধাৰ বাবে আজি কোনােবাই ভাৰাঘৰ এটাত আছেহি।
কাইলৈ সি হয়তাে নিজেই ধুনীয়া বিল্ডিং এটা সজাই ল’বগৈ।
হয়তাে, সি আজি থকা ভাৰাঘৰটোৰ মালিকৰ ঘৰটোতকৈয়াে ভাল ঘৰ এটাহে সজাই ল'বগৈ। তেতিয়া কি লাজ নাপাবা?
আৰু, তুমি যিহেতু বর্তমান নিজেই ভাৰাঘৰ এটাতে আছাহি, আন এজন ভাৰতীয়াৰ বিৰুদ্ধে থিয় দিছাহি কিয়? তেওঁনাে তােমাৰ কি অপকাৰটো কৰিলে ?
অপকাৰৰতাে কথাই নাই, পিতৃগৃহত নিজৰে ককাই-ভাইৰ লগত তিস্থিব নােৱাৰি তুমি যেতিয়া ভাল ভাৰাঘৰ এটাৰ সন্ধান কৰি ফুৰিছিলা, তেতিয়া তেওঁয়েই দেখােন এইটো ঘৰলৈ তােমাক মাতি আনিছিল।
কিন্তু, ইয়ালৈ আহি তুমি কৰিলাহি কি ?
কাৰােবাৰ প্ৰৰােচনামূলক কথা শুনি মাত্র এমাহৰ ভিতৰতে তােমাৰ বিশ্বস্ত বন্ধুজনৰ লগত বেয়া হ’লাহি!
মনত আছেনে বাৰু, তুমি যে দিন নাই, ৰাতি নাই, যিকোনাে সময়তে তেওঁলােকৰ ৰূমলৈ ঘপাঘপ সােমাই যােৱা আৰু হেঁ হেঁকৈ হাঁহি হাঁহি ফাল্টু
কথা কিছুমান কৈ কৈ তেওঁলােকৰ ধৈৰ্য্য পৰীক্ষা কৰা!