বাইয়ে ক'লে, ‘চাহ আনি আছে। অকণমান ৰ’ব!’
ৰুটিকেইটা গৰমে গৰমে খাই লােৱাটোৱেই ভাল হ'ব বুলি ভাবি ফোনটো বন্ধ কৰি টেবুলখনৰ ওপৰতে থৈ দিলাে। মানে, খাই থাকোতেই কাৰােবাৰ কল আহিলে পকেটত ফোনটো বাজি থাকিলে ভাল নালাগিব আৰু বাওঁহাতেৰে পকেটৰ পৰা খুঁচৰি ফোনটো উলিয়াই আনিবলৈয়াে অসুবিধা। গতিকে, ফোন টেবুলত।
মন কৰিলাে, দালি-চব্জিখিনি ভালেই হৈছে। আচাৰকণাে ঠিকেই আছে।
খাই বেয়া লগা নাই।
‘সিদিনা কি হ’ল জানেনে নাই?’
খাওঁতে মই সদায় চকু মুদি লওঁ। এইটো মানে মােৰ সৰুকালৰে অভ্যাস।
সৰুতেই মায়ে শিকাইছিল, খাওঁতে মন দি খাব লাগে। বেলেগ কথালৈ মন দিবই নালাগে। কিন্তু, সেই বয়সত দেখি থাকিলেতাে দহটা কথালৈ চকু যাব।
সেয়েহে, মায়ে শিকালে চকু মুদি খাবলৈ।
মানে, খাদ্যখিনি চাই-চিতি লৈয়েই খাওঁ। কিন্তু, মুখত ভৰােৱাৰ পিছতে চকু মুদি চোবাই থাকো। তেতিয়া, খােৱা বস্তুৰ সােৱাদটো ভালকৈ পােৱা যায়।
পিছে, চকু মুদি থাকিলেও কাণ দুখনতাে বন্ধ কৰি থ'ব নােৱাৰি।
ৰুটি-চজিৰ সােৱাদটো লৈ থাকোতেই কাণত পৰিলহি ৰঞ্জনৰ কথাষাৰ।
‘সিদিনা মানে এটাক ঠি-ক্-চে দিলাে নহয়!’
মুখৰ ৰুটিকণ চোবােৱাৰ মাজতে কৌতুহলবশতঃ তাৰ ফালে চালাে।
চকীখনত যিমান পাৰে আওজি লৈ সোঁহাতখনেৰে টেবুলখনতে লাহেকৈ ভুকু এটা মাৰি সি বাকীকেইটাৰ মনােযােগ আকর্ষণ কৰিবলৈ চেষ্টা কৰিলে।
‘মই মানে হর্ণ দি আছে। সি কিন্তু চাইদেই দিয়া নাই।
খাই বৈ একেবাৰে টং!
মােৰ মানে খঙেই উঠি আহিল।
নামি গৈ ঠালৰ ঠালৰ দিয়েই দিলাে আৰু!’
নিজৰ বীৰত্বৰ ঘােষণাটো কৰিয়েই সি এইবাৰ দীনেশহঁতৰ মুখলৈ চালে আৰু তাৰ দাবীটো সিহঁতে বিশ্বাস কৰিছেনে নাই তাকে জানিবলৈ বুলি সিহঁতৰ মুখৰ প্রকাশভংগীবােৰ গভীৰভাৱে পৰীক্ষা কৰিবলৈ ধৰিলে।
এনে লাগিল, সিহঁতৰ চেঁচা প্রতিক্রিয়া দেখি সি যেন হতাশেই হ’ল।
এপাকত সি মােৰ ফালে চকু দিলে আৰু তেতিয়াই তাৰ লগত মােৰ চকুৱে চকুৱে পৰিল। মই কিন্তু তাৰ পৰা চকু আঁতৰাই নানিলাে। তাৰ মুখলৈ চাই
থাকিয়েই সিহঁতৰ প্রতি উদাসীন ভাব এটা চকুৱে-মুখে ফুটাই তুলি ৰুটি অকণকে