–“সকলোতকৈ সুন্দৰ আমাৰ এই পৃথিৱীখন। ধুনীয়া পাহাৰ, নদ- নদী, সাগৰ, কুঁৱলিৰপৰা ওলাই অহা ৰঙা বেলি। তিনিচুকীয়া ককাহঁতৰ ঘৰলৈ যাওঁতে চাবলৈ যোৱা মাগুৰ বিলৰ বহুৰঙী ডাঙৰ ডাঙৰ ৰাজহাঁহবোৰ, ছৈদিয়া নাৱত উঠি আমি কম খেলিছিলোনে? এইবাৰ দেখোন চুইজাৰলেণ্ডত থকা মাজু মামা আহোঁতে কৈ গৈছে তোক লৈ যাবই। ‘কেৱলকাৰত’ তুলি আল্পচ পৰ্ব্বত দেখুৱাব। বৰফত খোজ কঢ়াব। ‘কগৱীল’ ৰেলগাড়ীত তুলি বৰফৰ বগা বগা নৈ দেখুৱাব...?”
কথাবোৰলৈ কাণষাৰ নিদিয়া নীৰলৈ চাই নিয়নে তাৰ গাৰুটো
পিঠিত লৈ আঁউজি বহি নীৰৰ চুলিত হাত বুলাই ক'লে-
–“কথাবোৰ ইমান সহজ নহয়-”
–কি সহজ নহয়’ নীৰে মুখতে ধৰিলে।
–‘যাম বুলিলেই যাব পাৰিনে?’
–‘কিয় নোৱাৰিম?’
–‘কেনেকৈ?’
–‘এৰোপ্লেনত!’
নিয়নৰ হাঁহি উঠিল। লুকুৱাই থলে। ক’লে-
–‘এৰোপ্লেনত যাব নোৱাৰি নহয়।’
–কিয়? নীৰ আচৰিত হ'ল।
–“জোনবাইটো দেখাত ওচৰত যেন লাগিলেও কিমান দূৰ
জাননে?”
–‘কিমান?’
–‘দুই লাখ চব্বিশ হাজাৰ নশ সত্তৰ দশমিক ন মাইল।'
–‘তাতে কি হ'ল?’
–“আমি থকাৰ পৰ দুশ মাইললৈকেহে বায়ু আছে। বায়ু আমি
জীয়াই থাকিবলৈ নহ'লেই নহয়। গতিকে এৰোপ্লেনবোৰো এটা