নিজৰ পাৰ্গতালি দেখাবলৈ চল পালে। আৰু এই পদতে তেওঁৰ অসাধাৰণ বুদ্ধি-কৌশলে পুলিচৰ উপৰুৱা বিষয়াসকলৰ মনোযোগ এনেদৰে টানিলে যে পুলিচৰ অতি লাগতিয়াল আৰু টান কামবিলাকত লগাবলৈ সময়ে সময়ে তেওঁক বিশেষ বাছনিত তোলা হৈছিল। ১৮৫৭ খৃষ্টাব্দত চিপাহী বিদ্ৰোহৰ সময়ত যেতিয়া বিখ্যাত মণিৰাম দেৱানক বিদ্ৰোহী বুলি কলিকতাৰপৰা ধৰাই অনা হয় তেতিয়া তেওঁৰ লগত যোগ দিয়া ভালেমান মানুহ পলাইছিল। এই বিলাকক ধৰি দিবৰ কাৰণে ঘিণাৰাম বিশেষ বন্দৱস্তত নিযুক্ত হৈছিল। তেওঁ বৰ যত্ন কৰি সেই বিলাকক ধৰি দিছিল আৰু কিছুমানক তেওঁ শাস্তিৰ পৰা মুক্তি দিয়াইছিল। ইয়াৰ পাচত দ্বিতীয় শ্ৰেণীলৈ উঠাত তেওঁৰ দৰ্ম্মহা ১২৲ টকা হ'ল। ১৮৫৯ খৃষ্টাব্দত শদিয়াৰপৰা কিছুমান বৃটীচ প্ৰজা বৰ আবৰে ধৰি নিছিল। সিহঁতক উদ্ধাৰ কৰিবলৈ গোৰা পণ্টনৰ ফৌজ গৈও কৃতকাৰ্য্য হব নোৱাৰিলে। তাৰ পাচত এক ‘গেৰাজ’ চিপাহা দি ঘিণাৰাম গগৈক পঠিওৱা হল! তেওঁ আবৰৰ চাঙ্গলৈ গৈ, সিহঁতক বৰাই-বুজাই বিণা গোল্মালে ধৰি নিয়া মানুহ আটাইবিলাক উদ্ধাৰ কৰি আনি দিলেহি। ইয়াতে সন্তুষ্ট হৈ পুলিচ জেনাৰেল চাহাবে তেওঁক ১৫৲ টকাত প্ৰথম শ্ৰেণীৰ হালদাৰলৈ তুলিলে। তাৰ পাচত এদিন তেও ৰেপন গগৈক লগ পাই কলে “সখি, তুমি কামত থকা হলে আজি মই তোমাৰ দুগুণ পোৱা দেখিলা হেঁতেন।” ৰেপনে উত্তৰ কাটি কলে “মই সেইহে নাথাকিলোঁ।”
পৃষ্ঠা:আৰ্হি-চৰিত.djvu/৩১
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
আৰ্হি-চৰিত।