মাক দেউতাকৰ মৃত্যু সন্তানতকৈ আগতে হােৱাটো হল প্রকৃতিৰ নিয়ম ...সেয়া সময়ৰ নিৰ্ধাৰণ।
কিন্তু মাক দেউতাকৰ দুচকুৰ আগত অসময়তে সন্তানৰ মৃত্যু বা মৃত্যুৰ সম্ভাৱনা, সেই অনুভূতি কিমান যন্ত্রণাদায়ক হ’ব পাৰে!!
ভাগৰি যােৱা মানুহজনীক হীৰা আৰু অমৃতাই মিলি বিছনাত উঠাই দিলে।
: অনুৰাগ আহিব, আপুনি চিন্তা নকৰিবচোন। এতিয়া অকণমান জিৰণি লওক। এতিয়া আৰু কথা নক’ব।
মানুহজনীয়ে হীৰাক হাতৰ ইঙ্গিতেৰে কাষলৈ মাতি আনি অমৃতাক আলহী কোঠাত থকাৰ ব্যৱস্থা কৰি দি খােৱা বােৱাৰ যােগাৰ কৰিবলৈ ক’লে।
আলহী কোঠাতে অমৃতাক থকাৰ ব্যৱস্থা কৰি দিয়া হ’ল।
বাথৰুমত গৈ অমৃতাই ফ্রেছ হৈ আহি হীৰাই যতনাই দিয়া জলপানখিনি আগ্ৰহেৰে খালে। ঔষধখিনিও খাই ললে অনুৰাগে বুজাই থৈ যােৱাৰ মতেই।
তাই যদি ঔষধ নাখায় অনুৰাগে খুব বেয়া পাব তাইক। সেয়ে খাব মন নগলেও তাই খাবই লাগিব।
নিজৰ বাবে নহ’লেও... অনুৰাগৰ বাবে।
পিছে ক’ত আছে অনুৰাগ ?
ক’লৈ গৈছে সি?
ব্ৰহ্ম পুৱাতেই ওলাই যােৱা অনুৰাগ ইমান দেৰীলৈ কত থাকিব পাৰে?
দুপৰীয়াৰ আহাৰ অনুৰাগৰ মাকৰ লগত একেলগে খাই উঠাৰ বহু পিছলৈকো অনুৰাগ নহাত বেছিকৈ চিন্তিত আৰু উদ্বিগ্ন হৈ পৰিছে তাই...। হুইলচেয়াৰত খিৰিকীৰ কাষত বহি ৰুদ্রাক্ষৰ মালা হাতত লৈ জপ কৰিব ধৰিছে অনুৰাগৰ মাক ... চকু মুখত স্পষ্ট চিন্তাৰ চাপ।
গধূলি হৈ আহিছে।
বর্ষাসিক্ত দিনটোক সােনকালে বিদায় দিবলৈ আন্ধাৰে প্ৰয়ােজনতকৈ আগতেই যাে-জা চলাইছে।
জৰজৰাই খহি অহা বৰষুণ জাক এতিয়া নাই। বাহিৰত এতিয়া শান্ত সৌম্য পৃথিৱী।
অশান্ত মাথাে অমৃতা।
অস্থিৰ হৈ ঘনে ঘনে ইফালে সিফালে পদচালনা কৰিছে তাই। একে ঠাইতে বহি বা থিয় হৈ থকাৰ ধৈর্যকণ নােহােৱা হৈ আহিছে তাইৰ।
এবাৰ মূল দুৱাৰখন খুলিছে আকৌ এবাৰ বন্ধ কৰিছে।
বাৰে বাৰে দুচকু ৰৈছেহি লােহাৰ গেটখনত। কিজানিবা অনুৰাগ অহা দেখা পায়েই।
নাই। অহা নাই সি।
ক’লৈ যাব পাৰে সি বাৰু?
এই ঠাই এতিয়া অনুৰাগৰ বাবে সুৰক্ষিত নহয়। ইয়াৰ ঘনঘােৰ অন্ধকাৰ অৰণ্যৰ ভিতৰত মাথাে শত্রুয়ে পিয়াপি দি আছে চৌদিশে। সুবিধা পালেই জপিয়াই পৰিব অনুৰাগৰ ওপৰত ... দেখিলেই গুলিয়াব।
ভাবিয়েই আতংকিত হৈ উঠিছে অমৃতাৰ চকু মুখ।
আত্মগ্লানিত দগ্ধ হৈছে তাই। নিজকে চিঞৰি চিঞৰি গালি পাৰিবলৈ মন গৈছে তাইৰ।
মাথাে তাইৰ বাবে ... অনুৰাগ তাৰ বাবে অসুৰক্ষিত, বিপদ সংকুল গাওঁখনলৈ উভতি আহিছে... মাথাে তাইৰ বাবে।
তাই বেয়া পাই এই গাঁওখনক ... যিখন গাঁও অনুৰাগৰ বাবে ইমান বিপদ সংকুল, এইখন গাঁও তাইৰ মৰমৰ হব নােৱাৰে। মুম্বায়েই ভাল। মুম্বাইৰ কংক্রীটৰ জীৱন, ব্যস্ত ৰাজপথ, শীত তাপ নিয়ন্ত্রিত বিলাসী জীৱনেই ভাল।
ইয়াত মানুহবােৰ বেছিকৈ নিষ্ঠুৰ হৈ পৰিছে.. কাৰােবাৰ ভাগ্যনিয়ন্তা হৈ যাব খুজিছে...গাঁওখন বৰ বেয়া হৈ পৰিছে।
সকলােফালে অৰাজকতা।
কাৰ ওপৰত ভৰসা কৰিব।