সি যে তাইৰ হাতখন ধৰিয়ে আছিল। অকলে থিয় হৈ থকা অমৃতাক মিষ্টাৰ মেহতাই অসৎ উদ্দেশ্য তাইৰ কাষত অহা দেখিয়েই খঙত সকলাে পাহৰি পেলাইছিল সি ক্ষণিকৰ বাবে।
পাহৰি গৈছিল সি ... অনুৰাগ নহয় অনিৰুদ্ধ বৰুৱা হে সি। পাহৰি গৈছিল সি অমৃতা অন্য কাৰােবাৰ পত্নী .. তাইৰ হাতত তেনেকৈ ধৰাৰ অধিকাৰ তাৰ নাই।
কিছুপৰ সি চাই ৰল তাইৰ দুচকুলৈ..মুখৰ অভিব্যক্তি কিছু কোমল হৈ আহিল।
গ্লানিত সেমেকি উঠিছে তাৰ দুচকু। শিথিল হৈ আহিল মিষ্টাৰ মেহতাৰ ছাৰ্টৰ কলাৰত সজোৰে খামুচি ধৰা সোঁহাতখন।
মিষ্টাৰ মেহতা সেই সুযােগতে নিজকে বচাই ততাতৈয়াকৈ আঁতৰি গল।
অনুৰাগে এতিয়াও চাই ৰৈছে অমৃতাৰ ফালে। মৰম উথলি আহিছে তাৰ হৃদয়ত কিন্তু অপাৰ খঙো উঠিছে তাৰ একে সময়তে।
: ইমান ড্রিংকচ কৰিছ কিয় ? মিষ্টাৰ মেহতাই তাৰেই সুযােগ লব খুজিছিল।
: কোনে কৈছে কথাষাৰ? অনুৰাগে নে অনিৰুদ্ধ বৰুৱাই?
: অমৃতা... সন্তুলন হেৰুৱাই যােৱাকৈ ড্রিংকচ কৰাটো জানাে উচিত ?
“আস” নিজৰ কানখনৰ ওপৰতেই যে বিশ্বাস হােৱা নাই তাইৰ । অভিমানত কণ্ঠৰুদ্ধ হবৰ উপক্ৰম হৈছে তাইৰ। কত বছৰৰ মূৰত শুনিবলৈ পাইছে তাই নিজৰ নামটো অনুৰাগৰ মুখত।
অমৃতাই বুজি পাইছে, তাৰ খং উঠিছে তাই ড্রিংকচ কৰাৰ কাৰণে। তাৰ তীক্ষ্ন দুচকুৰ দৃষ্টিত দৃষ্টি মিলাব পৰা নাই তাই এতিয়া। অত্যন্ত লজ্জিত অনুভৱ কৰিছে। সঁচাকৈ খং আবেগৰ বশৱৰ্তী হয় তাই কিবােৰ যে কৰিব ধৰিছে।
:...অমৃতা। তােক প্রশ্ন সােধাৰ অধিকাৰ মােৰ নাই।
:কিয় নাই অনুৰাগ? তইতাে মােৰ বন্ধু .. মােৰ ..
ৰৈ গ’ল তাই হঠাতে।
: বন্ধু আছিলোঁ। কিন্তু আমাৰ মাজত বহু দূৰত্ব আহি গৈছে এতিয়া।
পুনৰ এবুকু অভিমানত উন্দুলিত হৈ উঠিল তাইৰ মনটো। তাই বুজি পাইছে অনুৰাগে কি দূৰত্বৰ কথা কৈছে।
: ঠেংকচ’। মিষ্টাৰ মেহতাৰ হাতৰ পৰা মােক বচোৱাৰ বাবে।
তাৰ ফালে নােচোৱাকৈ তলমূৰ কৰিয়ে কলে তাই। পাৰ্য্যমানে নিজৰ থৰক বৰক খােজ সন্তুলন কৰিব চেষ্টা কৰি আঁতৰি আহিল তাই লাহে লাহে। ঠিক তেনেতে অন্যমনস্কতাৰে বাবে হঠাতে সন্মুখৰ চকীখনত উজুটি খালে অমৃতাই।
পৰিব ধৰা অমৃতাক তৎক্ষণাত অনুৰাগে নিজৰ দুবাহুৰে ধৰি ৰাখিলে।
অনুৰাগৰ দুবাহুৰ মাজত অতর্কিতে আৱদ্ধ হৈ পৰিল তাই।
অমৃতাই নির্বাক হৈ চাই ৰল অনুৰাগৰ দুচকুলৈ। অনুৰাগেও চাই ৰল তাইলৈ।
....সেই একেই লাৱণী ৰূপ, সেই একেই ভালপােৱা উজ্জ্বলি উঠিছে তাইৰ দুচকুত। কিন্তু নাই মাথাে সেই চিনাকি চঞ্চলতা তাইৰ দুচকুত।
বিচাৰি পােৱা নাই সি কোনােধৰণৰ সুখ বা লেশমানাে আনন্দৰ চিন এই ধুনীয়া চকুযুৰীত। বহুবছৰৰ পৰাই যেন হাঁহিৰ পৰা বিচ্ছিন্ন হৈছে এই ধুনীয়া মুখখনি।
কি আছে বাৰু এই চকুযুৰীত?
চলাথ কৰিছে সি।
সুখী নহয় নেকি বাৰু অমৃতা?
যন্ত্রনাত কাতৰ হৈ উঠিছে তাৰ হৃদয়খন।
মন্ত্রমুগ্ধৰ দৰে দুয়াে ইটোৱে সিটোৰ দুচকুলৈ চাই ৰল বহুপৰ চকুৰ পলক নেপেলােৱাকৈ। বহু যুগৰ অন্তত যেন লগ খাইছে এহাল আজন্ম প্রেমিক-প্রেমিকা।
অমৃতাই আকুলতাৰে চাই ৰৈছে অনুৰাগৰ মুখখনলৈ। অনুৰাগৰ বুকুৰ উমত মুখ গুজি হেঁপাহ পলুৱাই কান্দিবলৈ প্রবল