বিচিত্ৰাৰ অসফলতা আৰু তাৰ সন্মুখত সেই সুখবৰ লৈ হৰিণী। মানি ল'ব সি এই আহ্বান। জীৱনত এই বতৰাই দিয়া সুখ পি খাব সি। বিচিত্ৰাই মানি লওক বা নলওক সি আদৰিব এই শুভদিন। কোনেও কাৰো খেয়াল নিদিয়া ঠাইখনত ৰুক্ম আৰু হৰিণীৰ কাম-কাজলৈ চাওঁতা নথকা সুবিধাতে আগুৱাই যায় সময়।
মূৰ তুলি চাব নোৱাৰে সি বিচিত্ৰালৈ। অবিশ্বাসৰ থল মোহাৰিবলৈ বিচিত্ৰাৰ কাষ চাপে বাৰে বাৰে। চকু তুলি সি চাব নোৱাৰে বিচিত্ৰালৈ। ধৰা পৰি যোৱাৰ ভয়ত সি কোঙা হয়। থাকক বিচিত্ৰাও তাৰ কাষত। বিচিত্ৰাক সি আলৈ আথানি কৰিব নোৱাৰে। সকলো হেৰুৱাই তাই মৰি থাকিলে ৰুক্মই নিজক ক্ষমা কৰিব নোৱাৰে।
“বিচিত্ৰা এইডাৰী” ৰুক্মৰ চকুত পৰাকৈ বিছনাখনৰ এমূৰে থৈ দিলে বিচিত্ৰাই টিনৰ চাইনবৰ্ডখন। সিদ্ধান্ত লৈয়ে পেলাইছে ইতিমধ্যে তাই। হাতত চাৰিহাজাৰমান টকা জমা হৈছেগৈ। পাৰিব তাই। লাভলিৰ মাকেও সাহস দিছে। সহায় কৰাৰ কথা কৈছে। জয় কাই সদায়ে তাইৰ লগত। মাত্ৰ ৰুক্মৰ কথাবোৰ লাভলিহঁতৰ পৰিয়ালটোক নজনাবলৈ অনুৰোধ কৰিছে তাই। লাভলিৰ দেউতাক খঙাল মানুহ। অধপতনে যোৱা ৰুক্মক একেদিনাই খেদিব তেওঁ। ৰুক্ম নিজেই গুছি যাওকগৈ। অপমানিত হৈ গ'লেগৈ বিচিত্ৰা দুৰ্বল হ’ব।
খঙত ৰঙা পৰিল ৰুক্ম। কোনোপধ্যেই সি বজাৰৰ মাজত বিচিত্ৰাক মেচিন লৈ কাপোৰ চিলোৱাৰ অনুমতি নিদিয়ে।
ⵓতই নোৱাৰ এই কাম কৰিব।
ⵓইতিমধ্যে মই সাজু হৈছে। দুদিন পিছত দোকানখনত বহিমগৈ। তুমি যদি যাব খুজিছা চাই আহিবগৈ।
ⵓকোনে তোক এই বুদ্ধিবোৰ মূৰত সুমুৱাই দিলে? তোক পইচা লাগে। এয়া ল। পইচা ল।
ৰুক্মই গুজি দিছে বিচিত্ৰাৰ হাতত কেইবাখন শ টকীয়া নোট।
ⵓঅকল টকাৰে জীয়াই থাকিব নোৱাৰি ৰুক্ম। মোৰ জীয়াই থকাত কষ্ট হৈছে। মই মোৰ বাবে বাট এটা কাটিব খুজিছো। তুমি হকা-বধা নকৰিবা।
ⵓতই মোক এবাৰো নুসুধাকৈ এই কাম হাতত লৈছ। কোন মাইকীয়ে বজাৰত এনেকৈ বহিবলৈ যায়? যাৰ আন একো উপায় নাই। যাৰ খাবলৈ ভাতে জোৰা নাই। তই কিহৰ অভাৱত তাত বহিবিগৈ? সেই ঠাইত মতা মানুহ মখাৰ মাজত তই দোকান খুলিবগৈ নোৱাৰ। ৰ আজি তোৰ মেচিনকে ভাঙিম। এই হাৰামীৰ ঘৰত লেদেনা উকটি এইটো চপাই সেই সোপাকে মূৰত সুমুৱাইছ।
ⵓমেচিনটো বাইদেউৰ। হাত নিদিবা। আমি য'ত আছে সেই ঘৰ তেওঁলোকৰ।
ⵓমায়েৰে বাপেৰে কি এনেই ৰাখিছে তোক হাঁ? মাহৰ মূৰত হাজাৰ টকা দি আঁহো। টকাৰ লেন-দেন থকা মানুহৰ লগত তোৰ কিহৰ হলিগলি? আজিয়েই ঘৰ খালি কৰিম মই। ওলা ওলা। যা বেগ সামৰ।
ⵓতোমাৰ নতুন ঘৰখনত কাম কৰা মানুহৰ প্ৰয়োজন হৈছে নেকি? কেঁচুৱাৰ গু মূত। নিবলৈ আহিছা। নেকি?
বিচিত্ৰাৰ শীতল কণ্ঠস্বৰত সেপ গিলিলে ৰুক্মই। জঠৰ হে হ'ল যেন সি।
ⵓমইতো তোমাক তুমি বিচৰাধৰণে জীয়াই থাকিবলৈ দিছে। বাধা দিছিলো। ফুটি উঠিছিল তেতিয়া তোমাৰ মুখত অসুখ। অসুখী কৰি নাৰাখো বুলিয়ে মুকলি কৰি দিছিলো তোমাক। আজি দুবছৰে এবাৰ খেয়াল ৰাখিছা বিচিত্ৰা নামৰ মানুহজনী কেনেকৈ জীয়াই আছে? উজাগৰী ৰাতিবোৰ কেনেকৈ পাৰ কৰিছো সেই কথা এবাৰ ভাবিছা? নতুন সম্বন্ধ এটা গঢ়ি ঘৰ এখন তৰিলা। সন্তান জন্ম দিলা। বাপেকী হোৱাৰ গৰ্বত সুখী হৈছ।মই তোমাৰ সুখবোৰ আঁজুৰি চিঙিবলৈ নাযাওঁ। সুখ হেৰাই গ'লে জীয়াই থাকিবলৈ কিমান কষ্ট হয় মোতকৈ ভালকৈ কোনেও নাজানে। এই কথাখিনি তেতিয়াই কোৱা হ'লে সত্য নহয় বুলি তৰ্ক কৰিলাহেঁতেন মোৰ লগত। নোকোৱাৰ কাৰণ আৰু এটা তোমাৰ সৈতে সম্পৰ্কটো চিঙি পেলাবলৈ মোৰ কষ্ট হয়। সম্পৰ্কনো কি? জোৰকৈ গঢ়ো বাৰে বাৰে।
বিচিত্ৰাই কৈ যায়। ৰুক্মলৈ চোৱা নাই তাই।
ⵓসেই যে ঘৰখন এৰি আহিছিলো এইখনো মোৰ সেইখনৰ দৰেই ঘৰ যেন লাগে। কণৰ লগত ছবছৰীয়া সংসাৰখন চিঙি পেলোৱাৰ যি যাতনা তোমাৰে সৈতে চৈধ্য বছৰ সম্পৰ্ক এটা পুঁহি নোহোৱা কৰি পেলোৱাটো সমানেই যাতনা। মোক