পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২

অনুতাপ সি নকৰা নহয়। বিচিত্ৰাৰ প্ৰতি জাগি উঠা অনুকম্পাক সি বেয়া ৰিপুৱে লগ পোৱা সময় আছিল বুলিয়ে মাজে মাজে ভাবিবলৈ লয়। শুদ্ধৰণিৰ পথ নথকা ভুল কৰিলে সি। খেলিমেলি হ’বলৈ ধৰিছে সকলো। নিজৰ কথাতে স্থিতি লৈ বিচিত্ৰাই সিহঁত দুটাৰ মাজত আউল তৰিছে। এদিন ৰুক্মই লগ পাইছিল গাঁৱৰে হেমন্তক। পাই গৈছিল গাঁৱৰ সকলো খবৰ। বিচিত্ৰাৰ অনুপস্থিতিত কণহঁতৰ পৰিয়ালটো শান্ত। কণে একোৱে অনুভৱ কৰিবলৈ দিয়া নাই ফুলক। ফুলৰ মুখত সকলো সময়তে এটাই শব্দ “দেউতা।” সেই কথাখিনিকে কৈছিলগৈ সি বিচিত্ৰাক। উগ্ৰমূৰ্ত্তিহে যেন ধৰিছিল তাই। সকলো ঘটনাৰ মূল সি কেনেকৈ হ’ব? ফুলৰ মুখৰপৰা “মা”শব্দটো কাঢ়ি নিয়াৰ মূলতে সি কেনেকৈ হ’ব? স্বাৰ্থপৰ বিচিত্ৰা। তাই এবাৰো নুসুধিলে তাৰ ঘৰখনৰ কথা। তাৰ মাক-দেউতাকৰ কথা। ভনীজনীৰ কথা। দিনজোৰা কষ্টৰ অন্তত সি কিনি অনা চাউল আৰু পাচলিবোৰ ঠেকেচি দিয়াৰ বাবে তাৰ মগজুৰে ধোঁৱাহে উৰিছিল যেন। কাণে নাকে জপতিয়াই বিচিত্ৰাক দুগালত দুইচৰ দিও সি ক্ষান্ত হ’ব নোৱাৰিলে..

 : হাৰামী, নিজৰ মতা আৰু জী এৰি মোৰ গাত লম্ভি তোৰে বৰ বৰ কথা। তোক মই ঘৰৰপৰা দাঙি আনিছিলোগৈ? তই ইমানেই সতী সাবিত্ৰী? মোৰে উপাৰ্জন খাই মোৰ সন্মুখতে এৰি অহা মতাক হামিয়াই থাক। তোক ঘৃণা কৰে সেইখন গাঁৱৰ মানুহে। মোৰটো মাইকী নাছিল। ল’ৰা-ছোৱালী নাছিল। তই কেনেকৈ পাৰিলি সকলো গু এৰাদি এৰিব? মোৰ লগত শুবলৈকৈ ঘৰখন এৰি থৈ আহিলিনে? যা, এতিয়াও যাগৈ। তোক দুটাবছৰে বহুত বুজালো। এতিয়াও যদি মতা আৰু জীয়েৰৰ মোহ এৰিব পৰা নাই যাগৈ। মোৰ কথা ইমানদিন নাভাবিলিয়ে যেতিয়া আৰু ভাবিব নালাগে।

  ৰুক্মৰ কথাবোৰে বিচিত্ৰাক থকা-সৰকা কৰি কৰি পেলালে। হাউলি থকা বিচিত্ৰাই পকাতে বহি দিলে। মূৰত চক্ৰাকাৰে ঘূৰি থাকিল ৰুক্মৰ এটা এটা বাক্য। ঘূৰি থাকিল “মোৰ লগত শুবলৈকে ঘৰখন তই এৰি আহিলিনে?“ ইমান নীচ হৈ পৰিলনে ৰুক্ম? এটা দিন তাইক নেদেখাকৈ থাকিব নোৱাৰো বুলি কৈ কৈ তাইৰ মনত আপদীয়া অনুকম্পা সানি দি মন মগজু তাৰপথেৰে আঁজুৰি লৈ যোৱা ৰুক্মই তাইক ইমান বেয়াকৈ ক’ব পাৰেনে? তাৰ লগত গুছি আহিবলৈ বিচিত্ৰাই নিজৰ বিবেকৰ সৈতে বাৰে বাৰে যুঁজিছিল। কণ আৰু ফুলক শুৱাপাটীতে এৰি আহিবলৈ তাই সাহসী হৈছিল। উফ সেইটো ৰুক্মই তাইক এতিয়া গুছি যাবলৈ কয়। ৰুক্মই যে কৈ গ’ল ফুলে সকলো সময়তে “দেউতা” বুলি চিঞৰি থাকে বুলি! তাইৰ সৈতে ফুলৰ সকলো সম্পৰ্ক শেষ নেকি? কিয় পাহৰিব ফুলে তাইক? তাই ফুলৰ “মা” হয়। নোৱাৰে ফুলে বিচিত্ৰা নামৰ মানুহজনীক পাহৰিব।

 ফুলে তাইক পাহৰি নাযাব কিয়? পাষাণ মাতৃ তাই। এটা সম্বন্ধক হত্যা কৰি থৈ আহিছে তাই। দুটা মানুহৰ বুকুত চুৰী বহোৱাই থৈ আহিছে তাই। তাইৰ আজি হুমুনিয়াহ কঢ়াৰো অধিকাৰ নাই। তাই এতিয়া ৰুক্মৰ পত্নী। যদি ৰুক্মৰে পত্নী হয় ৰুক্মৰ স’তে তাই কিয় অসুখী? ৰুক্মৰ সন্তান ধাৰণ কৰিবলৈ কিয় মন নাযায় তাইৰ? ৰুক্মৰ স’তে সহবাস কৰাৰ সময়ছোৱাত এতিয়া উশাহ লোৱাত কিয় কষ্ট হয় তাইৰ?

 ৰৈ ৰৈ কান্দে বিচিত্ৰাই। কলৈ যাব তাই? অচিনাকি ঠাইখনত বুকুৰ দুখ পাতলাবলৈ আপোন মানুহ এজনো নাই। তাইৰ যে ককায়েকটো, সি জানো আহিব নোৱাৰে তাৰ আপোন ভনীয়েকক বিচাৰি? অকণমান আঁঠুৰ ছাল এৰিলে ভনীয়েকক দাংকোলাকৈ লোৱা ককায়েকটোৱে বুজি পাবনে তাইৰ বুকুৰ যাতনাবোৰ? নে ককায়েকৰ মনতো তাই মৰিল?

 বংশৰ কলংক তাই৷

 এবাৰো মাত নিদিয়াকৈ গুছি যোৱা ৰুক্মৰ ফালে বিচিত্ৰাই মূৰ নুতুলিলে। যাওক এয়াই যদি তাৰস’তে শেষ দেখাও হয় আৰু নতুনকৈ কোনোধৰণৰ দুখ পুঞ্জীভূত নহয় বুকুত। সিও যাওকগৈ তাইক এৰি। মন নাযায় পিয়াহ লাগি থকা স্বত্বেও উঠি পানী এগিলাচ খাবলৈ বিচিত্ৰাৰ। একোৱে লৈ অহা নাছিল বিচিত্ৰাই লগত সেইখন ঘৰৰ সম্পদ। বাকচত সামৰি থৈ আহিছিল কাপোৰবোৰ। তাই হেঁপাহ কৰা কণে আদৰ কৰি দিয়া সোণৰ কাণফুলযোৰো এৰি আহিছে বাকচৰ তলত। এদিন ফুলে সেই সম্পদবোৰ চুই চাব বুলিয়ে সকলো এৰি গৈছিল তাই। সকলো পাহৰি যোৱাৰ সম্ভাৱনাত নতুন এখন সংসাৰৰ পাতনি তৰি পাহৰিব নোৱাৰা অসুখত ৰুগীয়া হ'ল বিচিত্ৰা। তাই বাৰে বাৰে আওঁৰায় যাতনাৰ পৃষ্ঠা।

 সন্দেহৰ চাৱনিবোৰত সঘনে থকা সৰকা হয় বিচিত্ৰা আৰু ৰুক্ম। কোনো মানুহৰ লগত সম্পৰ্ক নথকা, ঘৰৰ মানুহ আহ যাহ নোহোৱা, দুয়োৰে মাজত সঘনে তৰ্কাতৰ্কিয়ে সন্দেহৰ বীজ অধিক বিয়পায়।

 : আমাৰ মন নাই আমি বিহুত ঘৰলৈ নাযাওঁ তাতে আপোনাৰ কি হ’ল?

 ৰুক্মই একপ্ৰকাৰ ধমক দি উঠিল কাষৰ পৰিয়ালৰ মানুহজনীক। মালিক নথকা ভাড়াঘৰটোত নিজে নিজৰ মতে চলে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড