ছোৱালীজনীয়ে ঘটনাৰ আকস্মিকতাত খপজপকৈ সাৰ পাই কিবা কিবি কৈছিল। কিন্তু দিম্পলৰ কাণত হে একো সোমোৱা নাই। বাছত উঠাৰ পৰা খঙত এবাৰলৈও মন নকৰা তাৰ সহযাত্ৰী আচলতে এগৰাকী সুন্দৰী যুৱতীহে।
: ন’ ..ন..ন’ প্ৰব্লেম। ইটচ্ অ’কে...
ধুমুহাৰ গতিৰে বাঢ়ি অহা হৃদস্পন্দন যাতে যুৱতী গৰাকীয়ে নুশুনে দিম্পল তাৰ প্ৰতি সজাগ হ’ল। দিম্পলে যুৱতী গৰাকীলৈ চালে। ওঁঠত গাঢ় ৰঙা ৰঙৰ মেট লিপষ্টিক। আচলতে এবাৰ তাৰ ভনীয়েকে লিপষ্টিক এটা আনিবলৈ তাক ফোন কৰি অৰ্ডাৰ দিছিল। তেতিয়াই সি ঘঁহি থাকিলেও সহজতে নেৰা, দগৰি এপেট খালেও বিয়পি নোযোৱা এইবিধ লিপষ্টিকৰ নাম শুনিছিল। লেকমি, মেবিলিয়ন,অৰিফফ্লেম... নে কি ব্ৰেণ্ডৰ হ’ব পাৰে যুৱতী গৰাকীৰ ওঁঠত তগবগাই থকা ৰঙা লিপষ্টিকখিনি? এই ব্ৰেণ্ডবোৰৰ নামো সি ভনীয়েকৰ পৰাই শুনিছে। লেকমিৰ ৰেডটোত কৈ মেবিলিয়নৰ ৰেডটো বেছি ভাল, অৰিফ্লেমটো আক’ ওঁঠৰ কাৰণে ভাল মানে হেল্ডী প্ৰডাক্ট। বাঃ কিমান যে গণিত থাকে ওঁঠত বগাই ফুৰা ৰঙাখিনিতেই।
: আপুনিও গুৱাহাটীলৈ যাব নেকি?
দিম্পলে যুৱতীগৰাকীলৈ পুনৰ চালে। যিমানে চাইছে সিমানে সি মুগ্ধ হৈ হৈ গৈ আছে। কিবা যেন অজান যাদুত সি মোহিত হৈ পৰিছে।
: হয়, আপুনিও গুৱাহাটীলৈ যাব নেকি?
সেপ ঢুকি ঢুকি কোনোমতে মাতষাৰ ওলাল তাৰ। কথাবোৰে তাৰ ডিঙিত খুন্দা মাৰি সুৰ সলাইছে। যেন ওলাব খুজিও কোনবা খিনিত শব্দৰ আঁত হেৰাইছে।
: অহ..
দিম্পলৰ কথাত যেন তাই দুখী হ’ল।
: উইণ্ড’ ছিটটো কাইণ্ডলি দিব নেকি?
মেট লিপষ্টিক লগোৱা যুৱতীগৰাকীয়ে তালৈ চাই অনুৰোধ কৰিলে। তাই কথা ৰঙা ওঁঠদুটা খন্তেকলৈ নাচি উঠে। চকুৰ ক’লা ক’লা মণিদুটাই কথা ক’লে খন্তেকৰ কাৰণে হলেও সন্মুখৰজনক আঘাত কৰি যায়। তাই কথাষাৰ ইমান মৰম সানি কয় যে কোনেও তাইৰ অনুৰোধ উপেক্ষা কৰিব নোৱাৰে।
: .......
দিম্পলৰ এইবাৰ কি কৰোঁ কি নকৰোঁ অৱস্থা হ’ল। দৌৰি দৌৰি খিৰিকীকাষত ছিট লোৱা ল’ৰাটোৱে কোন সতেনো তাইক ছিটটো এৰি দিব পাৰে। কিন্তু তাইৰ অনুৰোধ নামানিলেও যেন কিবা গুৰুত্বৰ অপৰাধ কৰা হ’ব।
: যদি আপোনাৰ কিবা প্ৰব্লেম আছে দেন অ’কে....
লিপষ্টিক ঘঁহা ওঁঠ দুটা লৰাই লৰাই তাই কথাবোৰ কৈ যায়। দিম্পলে উপায়হীন অৱস্থাত পৰিল। সি এতিয়া নিজৰ ছিটটো এৰিও দিব নোৱাৰে, ধুনীয়া ছোৱালী এজনীৰ অনুৰোধ ৰক্ষা নকৰাকৈ থাকিবও নোৱাৰে।
: একো নহয়, ছিটটো চেঞ্জ কৰিয়ে লোৱা যাওক।
তাই হাঁহি হাঁহি তাৰ ছিটটো দখল কৰি ভালকৈ বহি ল’লে। তালৈ চাই এমোকোৰা হাঁহিৰে ধন্যবাদ জনাবলৈও তাই নাপাহৰিলে।
দিম্পলৰ নাকত লাগি থকা পাৰফিউমৰ সুগন্ধিত সি মতলীয়া হৈ হৈ টোপনিয়াই গৈ থাকিল। বাছ আহি কেতিয়ানো জখলাবন্ধা পালেহি তাৰ খবৰেই নাই। বাছৰ হেণ্ডিমেনে যেতিয়া সকলোকে চাহ- ভাত খাই ল’বলৈ বুলি ডাঙৰ ডাঙৰ কৈ ঘোষণা দিলে তেতিয়াহে তাৰ টোপনি ভাঙিল। চকু মেলোতেই তাৰ গালত কাৰোবাৰ চুলি কেইডালমানে অশান্তি কৰিবলৈ ধৰিলে। লগতে শ্বেম্পুৰ এটা ফিৰফিৰীয়া সুগন্ধি। চুলিৰ উৎস ক’ত বুলি চাওঁতেই দেখিলে সুন্দৰী যুৱতীয়ে টোপনিত লালকাল হৈ তাৰ বাহুতে পুনৰ মূৰ থৈ শুই আছে। এনেতো দিম্পলে মাইকী মানুহৰ চুলি বুলি দীঘল চুলি দেখিলেই ঘৰখন মূৰত উঠাই লয়। মাক- ভনীয়েকৰ কম গালি খাইছেনে সি তাৰ এইটো স্বভাবৰ কাৰণে। শেষলৈ কেতিয়াবা অকস্মাতে ভাতৰ কাঁহীত
ওলোৱা চুলিকেইডালে তাৰ মূখ দেখিলেও চাগৈ টেটুফলা চিঞৰ দিয়া হৈছিল।