পূৰ্ব্বে চুটিয়া, বাৰভূঞা আৰু কছাৰীৰ অধীন আছিল; আৰু সেই সময়ত এই দেশত থকা হিন্দুবিলাকৰ কোনো এক বেলেগ ভাষা আছিল। পাছত শ্যাম দেশী আহম জাতি ইয়ালৈ আহি ৰজা হয়। সিবিলাকৰ সেই কালৰ ভাষা আৰু ধৰম যে বেলেগ আছিল ইয়াক সকলোৱে জানে। যদিও অহম জাতিয়ে এই দেশৰ ৰাজত্ব পোৱাত সিবিলাকৰ ভাষা ইয়াত চলা সম্ভৱ আছিল, তথাপি বোধ হয়, সেই সময়ত তেওঁবিলাকৰ লগত ইয়ালৈ অহা মানুহৰ সংখ্যা অতি অলপহেতু আপোনাৰ ভাষাতকৈ এই দেশৰ ভাষা কবৰ অধিক প্ৰয়োজন হৈছিল। আৰু অনুমান হয় এই কাৰণেই নিজ ভাষালৈ আওহেলা হৈ ক্ৰমে অসমীয়া ভাষাই তেওঁবিলাকৰ আপোন ভাষা যেন হল। তেনে সময়তে ৰজাই হিন্দু-ধৰ্ম্ম লোৱাত অহমবিলাকে ধৰমৰ লগতে তেওঁবিলাকৰ ভাষাকো এৰি একেবাৰেই হিন্দু জাতিত সোমাল। তেতিয়াৰেপৰা অহম ভাষা ক্ৰমে অচলিত হৈ আহিবলৈ ধৰিলে। আজিকালি দেওধাই, বাইলুঙ্গত বাজে আন আহমে সেই ভাষা নেজানে, কেবল সম্বন্ধ বুজোৱা পুলিন, পুথাও ইত্যাদি গোটাচেৰেক কথা মাথোন আহম জাতিৰ মাজত চলিত আছে। ইয়াত বাজে অসমীয়া ভাষাৰ লগত মিহলি হোৱা মূল বা অপভ্ৰংশ আন শব্দ নিচেই অলপ। ৰজাই হিন্দু ধৰ্ম্ম লোৱাৰ পাচত ভাটীৰ নানা ঠাইৰপৰা মানুহ অনাই এই দেশত পাতিলে। তাতে সেই সেই দেশৰ কোনো কোনো কথাও অসমীয়া ভাষাৰ লগত মিহলি হৈ সি আগতকৈ
পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৮৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
সাহত্য-সম্পদ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/33/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%A6.djvu/page88-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF-%E0%A6%B8%E0%A6%AE%E0%A7%8D%E0%A6%AA%E0%A6%A6.djvu.jpg)