পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
শেষ মধ্যযুগৰ অসমীয়া সাহিত্য

অসমীয়া ভাষাত ৰচিত" বুলিছে। এই ছাপা পুথিখন অশ্বমেধৰ আৰম্ভৰ পৰা বৰ্ণনা কৰিছে। কিন্তু বৰ্তমান কামৰূপ অনুসন্ধান সমিতিত থকা দুখন পুথিৰ এখনত লৱ-কুশৰ জন্মৰ আগৰ পৰা ধৰি এশমান পদৰ ভিতৰত লক্ষ্মণক ৰামে সীতা-নিৰ্বাসনৰ আদেশ দিয়াত সামৰিছে, আৰু ইখন তাৰ পাঁচ-ছয়টা মান পদৰ পিছৰ পৰা ধৰি লক্ষণে লৱ-কুশৰ সৈতে যুদ্ধ কৰিবলৈ সাজু হোৱালৈকে তিনিশ মান পদৰ ভিতৰত অন্ত হৈছে। কিন্তু আচৰিত কথা, ছাপা পুথিৰ লগত মিলা ছোৱাৰ হাতে-লিখা পুথিৰ ভণিতাতো ক'তো ঘুণাক্ষৰেও কবিৰ চিনাকি কিয়, নাম পৰ্য্যন্ত নাই; কিন্তু ছাপা পুথিত নথকা আগছোৱাত আগৰখন হাতে-লিখা পুথিত এবাৰমান আৰু, ইখনত তিনি বাৰ-মান “কৃষ্ণৰ কিঙ্কৰে কহে হৰিবৰ কবি। পাতক ছাড়োক ডাকি বোলা হৰি হৰি॥” এনে ছন্দদুষ্ট ভণিতা আছে যদিও অৱশ্যে হাতে-লিখা পুথি এখনৰো কতো “বব্ৰুবাহ পৰ্ব" পুথিত থকাৰ দৰে কবিৰ চিনাকি নাই। এনে অৱস্থাত ছাপা- পুথিত কবিৰ নাম নথকাত সন্দেহ কৰিবলৈ কোনো যুক্তি নাই; কিন্তু হাতে- লিখা পুথিত থকা ‘কবি হৰিবৰ’ কথা অৱশ্যে সন্দেহজনক। দ্বিতীয় কথা, “বব্ৰুবাহ পৰ্ব"ৰ কবি হৰিহৰ বিপ্ৰ, আৰু লৱ-কুশৰ যুদ্ধৰ অজ্ঞাত কবি একেজন বুলি ভাবিবৰ বিশেষ হেতু আছেনে? বা, কামৰূপ অনুসন্ধান সমিতিৰ পুথি দুখন যদি জাল নহয়, তাৰ হৰিবৰ বিপ্ৰ নাম অনুসৰি বব্ৰুবাহ পৰ্বৰ কবি হৰিহৰ বিপ্ৰৰ নাম শুধৰাবলৈ যোৱা দুঃসাহস নহয়নে? কিন্তু লৱ-কুশৰ যুদ্ধৰ ছাপা আৰু হাতে-লিখা উভয় পুথিৰ উপদেশ আৰু “আঁচুফুল’’ যে বৈষ্ণৱ যুগৰ, ওপৰৰ মতেই তাত সন্দেহ কৰিবৰ ঠাই নাই। ভণিতাৰ উপৰিও আন আন ঠাইত বৈষ্ণৱ লিখনিৰ প্ৰভাৱৰ সাঁচ দেখিবলৈ পোৱা হয়, আৰু তাত বিচিত্ৰতা একো নাই। অন্ততঃ ‘বব্ৰুবাহ-পৰ্ব্ব’ৰ কবি হৰিহৰ বিপ্ৰ হেম সৰস্বতীৰ সমসাময়িক দুৰ্লভনাৰায়ণৰ আমোলৰ এজন পূৰ্ব-বৈষ্ণৱ কবি, আৰু “গৌৰীৰ চৰণ সেই (সেৱি)" হলেও তেওঁ মহাভাৰতৰ পদ-ভাঙনি কৰিছিল। সঠিক প্ৰমাণৰ অভাৱত “লৱ-কুশৰ যুদ্ধ”ৰ অজ্ঞাত কবিৰ কাল নিৰূপণ কৰা সম্ভৱ নহলেও তেওঁৰ ৰচনাৰ উদ্ধৃতি দিয়া হল—

ৰামচন্দ্ৰ বধ শুনি,   কপালত মুষ্টি হানি,
 কান্দে সীত জগত গোসানী।
বিধি কুধ্বংস ভৈলা,   এহি দুঃখ লেখি থৈলা,
 আমি দোষী জগত-জননী।...