পাওঁ ৰাজনৈতিক ক্ষেত্ৰত বাহিৰৰ নানা যুঁজ-বাগৰ চলি থকা অৱস্থাৰ ভিতৰতে যেনেকৈ
এই যুগতে বিপুল আহোম ৰাজশক্তি গঢ়ি উঠিল, সমাজ-নৈতিক ক্ষেত্ৰত বিভিন্ন
ধৰ্মৰ এনে তয়া-মায়া ৰণ চলি থকাৰ মাজতেই বিৰাট বৈষ্ণৱ ধৰ্মই আধিপত্য লাভ
কৰি বহিল।
(গ) জ্ঞানৰ নবজন্মঃ- অসমৰ এই বৈষ্ণৱ যুগ ইফালেও ইংৰাজী সাহিত্যৰ
ৰেনেছেঞ্চ (১৪০০-১৫৫০), এলিজাবেথীয় (১৫৫০-১৬২০) আৰু
পিউৰিটান (১৮২০-১৮৬০) এই তিনি যুগৰ সমকক্ষ। আনন্দৰ বিষয়, এই
বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যই ইংৰাজী সাহিত্যৰ সেই তিনিও যুগৰ ঘাই গুণ
আৰু লক্ষণবিলাক সামৰি লৈছে। পোনতে, ইংলণ্ডৰ ৰেনেছেঞ্চ যুগৰ দৰেই
অসমতো এই বৈষ্ণৱ যুগ পৰিবৰ্তনৰ আগ্নেয়গিৰিৰ যুগ বুলিব পাৰি; কিয়নো
লেবাৰটাইনে ক‘বৰ দৰে, 'এই যুগতে মানুহে চকু মেলিলে আৰু দেখিলে, নিজক
আৰু বিশ্বক বিচাৰি পালে। এই যুগতে নৈষ্ঠিকতা আৰু অধিকাৰিতাৰ মূৰত ৰাম-
টাঙান পৰিল, কিন্তু এতিয়া অকল সত্যইহে নৈষ্ঠিক আৰু অধিকাৰসম্পন্ন বুলি গণ্য
হ‘ল। মানুহ চক্ খাই উঠিল, কিয়নো তেওঁলোকৰ অন্তৰচকুৰ আগত এক
অভিনৱ মানসিক জগতৰ নতুন চক্ৰবাল ৰেখা জিলিকি উঠিল। দ্বিতীয়ত, গৰিমাময়
এলিজাবেথীয় যুগৰ ইংৰাজী সাহিত্যৰ দৰেই বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যতো
এয়ে প্ৰবল জাতীয় চৈতন্য, দেশপ্ৰেম, ধৰ্মভাব, সমাজ -শান্তি, মানসিক
উন্নতি আৰু অপৰিসীম উদ্দীপনাপূৰ্ণ এক মহৎ চিন্তা আৰু এক মহৎ কাৰ্য্যৰ যুগ।
আকৌ এলিজাবেথীয় যুগৰ দৰেই এই বৈষ্ণৱ যুগ ঘাইকৈ কবিতাৰ যুগ,
আৰু ইংলণ্ডৰ শ্বেক্সপীয়েৰতকৈ অনেক অধিকৰূপে বহুমুখী আৰু শ্ৰেষ্ঠ প্ৰতিভাৰ
শঙ্কৰদেৱক পিতৃ ৰূপে লৈ অসমীয়া নাটক, অসমীয়া গদ্য আদিয়ে
অতিৰিক্তৰূপে গঢ় লৈ উঠিছিল। তৃতীয়ত, সেই যুগৰ ইংলণ্ডৰ পিউৰিটান
আন্দোলনৰ দৰেই অসমৰ এই বৈষ্ণৱ আন্দোলনৰ যুগতে মানসিক
জাগৰণৰ পাছত নৈতিক জাগৃতি বা অসমীয়া জাতিৰ ওপৰে বৈ যোৱা নীতি-
সংস্কাৰৰ অভূতপূৰ্ব আন্দোলন। বৈষ্ণৱৰ আন্দোলনৰ মহৎ সংস্কাৰ সাধন কৰিবলৈ
আগৰ বাহিৰে ৰং চং ভিতৰি-কোৱাভাতুৰীৰ নিচিনা আড়ম্বৰপূৰ্ণ ধৰ্ম-প্ৰণালী
এৰুৱাই আত্মশুদ্ধি আৰু চৰিত্ৰ-শোধনমূলক মুকলি-হিয়াৰ মুকলি-দুৱাৰৰ
নাম-ধৰ্ম্ম উলিয়াই, বহু-দেৱ-দেৱীৰ বহুমুখী সেৱাৰ ঠাইত এই যি
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১০০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/25/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80.pdf/page100-839px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80.pdf.jpg)