শৰ ঘাৱে হস্তী চয় ভৈগৈল দুৰ্ব্বল।
ভূমি আৰোহিল নিয়া দশন যুগল।
সেহি সময়ত মাতিলন্ত দামোদৰে।
হস্তীবৰ পৰে শিৰ ছেদিয়ো সত্বৰে॥
গদাধৰি ভূমিত নামিলে ভগদত্ত।
কেহো সমৰক আৰ নুহিবে শকত॥
পৃথিবীত নহৌক যে দিয়া আছো বৰ।
মোহোৰ উপৰে মৃত্যু নহৌক সত্বৰ॥
হেনবৰ পাইলা সিতো বীৰ ভগদত্তে।
কাহাকো নগণে ৰণে দেখে তৃণৱতে॥
দেখন্তে অৰ্জ্জুনে গজ নিজম পৰিলা।
গজ হত দেখি পুনৰপি শৰ লৈলা॥
আৰু ভগদত্তক পীড়িলা ধনঞ্জয়।
অৰ্দ্ধচন্দ্ৰ হানি তাৰ ভেদিলা হৃদয়॥
কাখ বক্ষস্থল পিঠি কটি চাৰি পাশে।
গিৰিৰ উপৰে যেন তুলিলা পলাশে॥
শৰ হানি ভগদত্ত শিৰ গোটা ভেদি।
সম্পূৰ্ণ কমল যেন পেলাইলেক ছেদি॥
গজকন্ধে চড়িয়া পড়িল অহংকাৰে।
যেন পৰ্বতৰ বৃক্ষ উঘৰিয়া পৰে॥
গজকন্ধে চড়ি ভগদত্ত পৰি গৈল।
বৈৰীহত দেখি অৰ্জ্জুনৰ ৰঙ্গ ভৈল॥
পুংখিত কৰ্ণক তাৰ আতি স্থূলন্তৰ।
ভাগিয়া পৰিল যেন গিৰিৰ শিখৰ॥
সেহি মতে ভগদত্ত পৰি থূলন্তৰ।
মহামত্ত গজে চড়ি পৰে আথান্তৰ॥
হস্তী সমে ভগদত্ত পৰিবাৰ দেখি।
কেশৱ বদতি শুনিয়োক প্ৰাণ সখি!॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p2.djvu/৩৫৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৮
অসমীয়া সাহিত্যৰ চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/3/33/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu/page359-932px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p2.djvu.jpg)