হেন শুনি দামোদৰে বাক্য বুলিলন্ত।
কৃষ্ণগুণগণ তোৰ হৌক হৃদিগত॥
কৃষ্ণক জানিল যিতো তাৰ কিবা ৰৈল।
হৰি ভজিবাৰ পাত্ৰ সি সি জন ভৈল॥
শুনি শিশু দণ্ডৱত কৰিলা তথাত।
তাতে হন্তে কৃষ্ণ কথা ভৈলা অন্তৰ্গত॥
দামোদৰে থৈলা তথা কৃষ্ণানন্দ নাম।
কৃপাবাক্যে তান পাছে ভৈল পূৰ্ণ্ণকাম॥
ভকত সকলে পাছে যিবা প্ৰশ্ন কৰে।
বিনা প্ৰয়াসত তাক কহয় সত্বৰে॥
এহি মতে দামোদৰ আছন্ত তথাত।
হৰি কথা শুনে বসি সমস্ত ভকত॥
দামোদৰে ভক্ত সমে প্ৰকাশন্ত অতি।
দেৱৰ সভাত যেন শোভে সুৰপতি॥
তিনি প্ৰসঙ্গৰ তিনি কথা কৰিলন্ত।
ভকত সকলে তিনি প্ৰসঙ্গে বসন্ত॥
নক্ষত্ৰৰ মাঝে যেন চন্দ্ৰ প্ৰকাশন্ত।
ভকতৰ মাঝে এক সূৰ্য্যক দেখন্ত॥
সৰোবৰ মাঝে যেন পদ্ম প্ৰফুল্লিত।
সেহি মতে ভকতৰ মাঝে প্ৰকাশিত॥
সন্ত সৰোবৰ অতি প্ৰকাশ কৰন্ত।
বৈকুণ্ঠত প্ৰকাশয় যেন লক্ষ্মীকান্ত॥
ভকত সকলে তথা আয়াযাত কৰে।
চতুৰ্ভুজ সেনা যেন বৈকুণ্ঠ নগৰে॥
চাৰি দিন অন্তে তথা শঙ্কৰ বসন্ত।
লোক যাত্ৰা দেখি বৰ আনন্দ কৰন্ত॥
তিনিয়ো প্ৰসঙ্গ তথা শঙ্কৰে দেখিলা।
নামৰ প্ৰসঙ্গ দেখি আনন্দ পাইলা॥
এহিমতে শঙ্কৰেয়ো আয়াযাত কৰে।
ভক্ত সমে আনন্দ লভয় দামোদৰে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯১
গুৰুলীলা
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page789-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)