শুভবাৰে শুভক্ষণে সুমঙ্গল কৰি।
ভাগৱত মিশ্ৰ নাম দিলন্ত আদৰি॥
যথাযোগ্য উপযোগ্য বস্তু ভাল ভাল।
দিলন্ত বিস্তৰ কৰি শ্ৰীমন্ত গোপাল॥
নাৰায়ণ গৌৰাঙ্গৰ প্ৰাৰ্থনা মনত।
ধৰি একদিনা প্ৰভু বসিয়া সত্ৰত॥
সবাকে শুনায়া প্ৰেমে বুলিলা বচন।
শুনিয়োক বাপু সব কৰি এক মন॥
একদিনা দেৱ দামোদৰ বসিছন্ত।
নাম গায়া ভকতেও পদক শুনন্ত॥
তথাপি বোলন্ত কেনে মন নকৰাহা।
প্ৰসঙ্গৰ বেলা গৈল কিয় বসিছাহা॥
ভকতে বোলন্ত দেৱে মন নকৰিছে।
ভক্ত সবে নাম গায়া পদক পঢ়িছে॥
দেৱে বোলে মই এতমান কলা ভৈলোঁ।
নাম গায়া পদ পঢ়ে তাক নুশুনিলোঁ॥
শ্ৰীকৃষ্ণ মুখৰ বাণী শ্ৰীভাগৱত।
তাৰ পাঠ বিনে হুইৰ প্ৰসঙ্গ কিমত॥
গুৰু নাৰদাদি কৰি মহন্ত সবৰ।
যাত বাৰম্বাৰ ক্ৰীড়া সন্তোষ মনৰ॥
হেন বাণী শুনি ভক্তে ধৰিয়া মনত।
অত্যন্ত শ্ৰদ্ধায়ে শুনে শ্ৰীভাগৱত॥
এতেকে তোৰাও শ্ৰদ্ধা কৰিয়া মনত।
শ্ৰীভাগৱত ৰস পিয়োক সতত॥
আৰু এক কথা শুনা দেৱ গোপালৰে।
প্ৰসঙ্গ নিয়মি বোলে আগত ভক্তৰে॥
যদি ভাগৱত সবে শুনা সাৱধানে।
তাতো পাঞ্চ শ্ৰৱণীপাতিছো বিদ্যমানে॥
মোহন মুকুন্দ কৃষ্ণ চৰণ কৰুণা।
শ্ৰীহৰি শ্ৰৱণী পাতিলোহোঁ পাঞ্চজনা॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭১৯
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২১
বংশীগোপাল চৰিত্ৰ।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page719-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)