তপ জপ সন্ন্যাস পৰম মহাদানে।
নপাৱে অমাক সখি যোগ মহা জ্ঞানে॥
কেৱলে ভকতি একে মোক কৰে বশ্য।
কহিলো উদ্ধৱ ইতো তোমাত ৰহস্য॥
জগতৰ ধৰ্ম্ম কৰ্ম্ম কৰোক সকলে।
মোক আত্মা বুলি যদি জানে যোগ বলে॥
তথাপি পৱিত্ৰ তাৰ নহে তনু চিত্ত।
নেৰাই মৃত্যু ভয় জানি কস্মিন কদাচিত॥
প্ৰেম ভকতিৰ চিহ্ণ শুনিয়ো উত্তৰে।
হৰি হৰি বোলন্ত লোতক যাৰ ঝৰে॥
মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত।
জানা তাৰ পৰম পৱিত্ৰ ভৈলা চিত॥
প্ৰেমে দ্ৰৱে চিত আতি গদ গদ বাণী।
কতো হাঁসে কতো কান্দে মোকে প্ৰিয় মানি॥
জল এড়ি গাৱে গীত নাচে আনন্দতে।
জগত পৱিত্ৰ কৰে সেহিসে ভকতে॥
মোক লাগি প্ৰেম উপজিল যাৰ মনে।
নেৰো সখি তাহাৰ হদয় সৰ্ব্বক্ষণে॥
বান্ধিলেক আমাৰ পাৱত প্ৰেম জৰি।
জানা নাই উত্তম ভকতি তাক সৰি।।
পৰম শ্ৰদ্ধায়ে যিতো ভজন্ত সৰ্ব্বথা।
হৈবেক মুকুত সিতো ইতো কোন কথা॥
তাৰ সঙ্গ পালে হবে জগত মুকুত।
নেদেখিবা সখি ইতো কথা অদভুত॥
কৃষ্ণৰ বচন শুনি মুখ্য হৰি দাস।
প্ৰণামি পুছন্ত পুনু ত্যজিয়া নিশ্বাস॥
ভকতি পৰম গতি জানিলো নিশ্চয়।
ছেদিয়োক দেৱ দুনায় মনৰ সংশয়॥
বিষয়ক পৰম আপদ হেন জানি।
তথাপিত আক কিয় নেৰে এক প্ৰাণী॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৪
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
অসমীয়া সাহিত্যৰ চানেকি।
![](http://upload.wikimedia.org/wikipedia/commons/thumb/b/b9/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf/page64-1024px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v2p1.pdf.jpg)