এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধাই-নাম।
১১৷ বাপা এ নলাবি ৰাতি বাটতে জলিছে ষোলটা চাতি।
চাতি জলক বন্তি জলক,
পোহৰ নহয় ভাল॥
বিয়াৰ সময় মহলা দিলি
পোহৰ হৰ ভাল।
১২৷ আজিৰো চানা মাই, কালিৰো চানা মাই,
চানা মাই তীঁয়হৰ জালি।
আজি কালি কৰি, চানা মাই ডাঙ্গাৰ হল,
বিবাহৰ বাতৰি পালি।
(খ) লৰা নিচুকোৱা নাম।
১৷ যশোদা মাও মাথনি থোৱাঁ। কৃষ্ণাই কান্দিছে কোলাতে লোৱাঁ॥
২৷ বতাহতে হালে জালে চন্দনৰে চৰা। শৰাইতে বাগৰি কান্দে, আইদেৱৰ লৰা॥
৩৷ আমাৰ মইনা সৰু, ৰাখে বড় বড় গৰু এছাৰি হেৰুৱাই কান্দে এ। লোকৰ ধানে খাব, কিলাৰ কোবাব
ঘৰলই আনিবা গৰু এ॥
৪৷ নেকান্দিবা সৰু আইটী নিছিঙ্গিবা মণি।
সত্যে সত্যে বিয়া দিমে মাধৱক আনি॥
৫৷ জোন কাকা এ আহ আহ। ভাত দিম মাছ দিম। ছাঙ্গৰ তলত বাহা দিম (আমাৰ) বাপাৰ মূৰত টুপুৰ কৈ পৰ॥
৬৷ নেকান্দি, নেকাটিবা,
নকৰিবা ৰোহ।
সত্যে সত্যে গুণৱৰ্তী, এড়ি নেযাওঁ, তোক॥