গৈছে! পাছত, শেষ উপায় পালেগৈ,—“নামেৰে পূজিবোঁ মাতৃ, গধূলি-পুৱা।”
আক, ‘আই মাতৃ ভগৱতী, এই নামে’ সন্তোষ হবাঁ!”
নাম-মাহাত্ম্যই অসমীয়াৰ মন বিশেষকৈ কিদৰে চিৰকাল মুগ্ধ কৰি আহিছে, ইয়াত প্ৰধানকৈ তাৰ প্ৰমাণ পোৱা হয়। নাম যে অকপটীয়া আইসকলৰ প্ৰাণে চিনি লোৱা আপোন ভাষা! এই নামে অসাধ্যও সাধিব পাৰে; শুকান জেওৰা চেপিও তাৰ ৰস উলিয়াব পাৰে। ইংৰাজ কবি আলফ্ৰেড্ টেনিছনে কবৰ দৰে, “নিজৰ হৈ বা লগা-ভগাৰ হকে হাত যোৰ কৰি যদি তুতি-নতি- আষাৰকে কৰিব নাজানিলা, তেনেহলে নো তোমাৰ এই দিন-কণা জীৱনটোৰ লগত গৰু-পহুৰ জীৱনৰ প্ৰভেদটো ৰল ক’ত? এই নামেইহে সোণৰ শিকলি স্বৰূপে চৰাচৰ জগতখন মোৰ প্ৰভুৰ ৰঙা পাৱ দুটিয়ে সাঙুৰি ৰাখিছে৷’
জাতীয় বুৰঞ্জী যেনেকৈ এটা জাতিৰ দিনেকীয়া জীৱনৰ ৰূপলিপি, সাহিত্য সেইদৰে এটা জাতিৰ অভ্যন্তৰিক জীৱনৰ সোণলিপি। ঘাইকৈ এই নাম- বোৰত হঠাৎ জিলিকি উঠে সহজ সৰল অসমীয়া জাতিৰ কিছুমান সোণোৱালী বিশ্বাস আৰু কল্পনা। ভাৰতৰ এচুকত নিচুক হৈ থকা সৰল-চিতীয়া-ধৰ্ম্মপ্ৰাণ জাতি অসমীয়া, আৰু তাৰেই তিৰুতা সমাজৰ সভক্তি অন্তৰৰ সাতকাণ্ড ৰামায়ণ বিচাৰিলে পোৱা হয় এই আইনামবোৰত। আইসকলৰ হিয়া-ঢল ভক্তিৰ বিনন্দীয়া কল্পনাত এক মুহূৰ্ত্ততে জগতত যেন কি এক অভিনৱ সৌন্দৰ্য্যৰ পাতনি হল!—
উজাই আহিলে, আইৰে সাতে ভনী, সাতালি পৰেৰত জুৰি।
তৃণ-তৰু-লতা সৱে দোঁৱায় মাথা আই আহিবৰে শুনি॥
কৰুণাময় পৰমেশ্বৰৰ এই বিনন্দ-বিলাস কৃষ্টি, তেওঁৰ শুভ ইচ্ছাতে ভিৰ দি চলিব লাগিছে। তেওঁৰ বিচাৰত আমি তই-বাম-গঙ্গা একো বুলিব নোৱাৰোঁ; বুলিলেই অনধিকাৰ-চৰ্চ্চাৰ পাপে পৰশিব। আকৌ, টেনিছনে কবৰ দৰে, নিজ বিধানমতে তেওঁ আমাক ৰজ-বাক্য বুলিলেও সেই বস্ত্ৰ যে তেওঁৰে বাক্য তাক আমি পাহৰিলে নচলিব। দুখ দিলেও তেৱেঁই দিছে, গতিকে তাক হাঁহি-মুখে গ্ৰহণ কৰিব লাগিব। দুখকো সুখ বুলি বিধিৰ বিধানত স্বভাৱতে আত্মসমৰ্পণ কৰিব পৰা ভক্তিৰ এই ওখ খাপ এটা নাম- বিলাকত সফল হৈ জিলিকি উঠিছে। ঘৰত বা চুবুৰিত কাৰোবা বসন্ত