এই তিনটি মন্ত্ৰ তুলনাত যেনে প্ৰাচীন-গন্ধী যেন লাগে, তলৰ কেইটি সেই
দৰে উৎপত্তিতো আধুনিক যেন বোধ হয় :
“চাই পুখুৰী নিচল পানী। তাত বহিছে কামাখ্যা ৰাণী।
ৰাণী বোলন্তোক৷ অমুকীক চুলিত ধৰি আনিয়োক॥
বাঘৰ ঝ, হৰিণাৰ পিত্ত। গণ্ডুষ কৰি পিওঁ আমুকীৰ চিত্ত॥”
“শেন হেন উৰিবি, কপৌ হেন উৰিবি।
অমুকাক নেদেখিলে আমুকীক পুৰি মাৰিবি॥’’...
“সিদ্ধ গুৰুৰ পাৱ। ৰক্ষা কৰাঁ কামৰূপৰ কামাখ্যা মাৱ॥
এই বাক্য যদি কৰ লৰচৰ। ব্ৰহ্মাৰ চক্ৰত পৰি মৰ॥’’
⸻⸻
শিৱ নাম—শৈৱ প্ৰভাৱৰ গীত
সকলো তন্ত্ৰ-মন্ত্ৰ পাৰ্বতীৰ প্ৰশ্ন আৰু শিৱৰ সমিধান ৰূপেই জন্মিছে, সেই- বোৰ সততে শাক্ত সাহিত্যৰ অন্তৰ্গত; অকল শিল্প বিষয়ক অৰ্থাৎ শৈৱ সাহিত্য লিখিত কিয়, মৌখিক ৰূপেও তুলনাত বৰ বিৰল। শৈৱ নহলেও অন-শাক্ত বুলিব পৰা একেটি প্ৰসিদ্ধ জন-গীত :—
“
তেতেলি তলতে |
কৰোঁ তাঁত-বাঁতি, |
পাহৰি আহিলোঁ কুচি। |