পাৰোঁ, কিন্তু যদি কাৰ-বাক্যতো দোষ ঘটে, অৰ্থাৎ নিজক সম্পূৰ্ণ অযোগ্য
জানিও তেনে কামলৈ আনি আগবাঢ়োঁ, সিও অৱশ্যে দোষণীয়, নিন্দনীয়
নুবুলিলেও। আগৰ দিনত পুৰণি পুথি এখন যি শ্ৰদ্ধা-ভক্তিৰে ৰখা-মেলা
হয়, তাতোকৈ কোটি গুণে শ্ৰদ্ধা-ভক্তি অৰ্থাৎ সাধনাৰে আমি আগবাঢ়িব
লাগে এনে কবি-ঋষিসকলৰ ভাঙনি কৰিবলৈ, যাতে প্ৰকৃত অমৰ্য্যদাৰ
দোষে আমাক ছুব-পৰ্শিব নোৱাৰে। ইয়াকে আন কথাৰে কব পাৰি, সেই
সকলৰ মানসিক আৰু আধ্যাত্মিক ওখ সমতল বা মালভূমিলৈ আমি উঠিবৰ
প্ৰয়াস কৰিব লাগিব আৰু তাৰ পাৰিপাৰ্শ্বিকতা আদি সকলো প্ৰকাৰে
উপলব্ধি কৰিবলৈ যত্ন কৰিব লাগিব।
উদাহৰণ ৰূপে এটি কথাৰ উল্লেখ কৰিম। উনৈশ শতিকাৰ ইংৰাজ কৰি ফিজ্জাৰেল্ডৰ অনেক মৌলিক কবিতা আছে, কিন্তু তেওঁ আজি সেইবোৰতকৈ ওমৰ খায়ামৰ ফাৰ্ছী ৰুবায়াৎবোৰৰ ভাঙনিৰ বাবেহে সমগ্ৰ জগতত প্ৰসিদ্ধ। এইবোৰৰ অসমীয়া ভাঙনি ওলাইছে আৰু সাধাৰণভাৱে বিশেষ সুৱলা হৈছে; কিন্তু ফিজ্জাৰেল্ড তথা ওমৰৰ ৰুবায়তৰ প্ৰাণ-বস্তুটো সদায় স্বৰূপভাবে তাত প্ৰকাশ পোৱা নাই। প্ৰমাণৰূপে, ফিজ্জাৰেল্ডৰ অতি বিখ্যাত ৰুবায়াতব ভাঙনি—
“ধৰা প্ৰিয়তম প্ৰাণৰ পিয়লা জীৱন-মদিৰা ভৰাই দিয়াঁ৷
অতীত ভবিষ্য শোক-দুখ-ভয় আজিৰ ভাবনা উটাই নিয়া।”
—ইত্যাদিৰ ভাষা সুৱলা হৈছে, কিন্তু ভাঙনিত ভাবৰ দৈন্য ৰৈ গৈছে। ওমৰৰ “সুৰা” আৰু “ছাকি” “ভগৱৎপ্ৰেম" আৰু “গুৰু”ৰ ৰূপকভাৱে গ্ৰহণ নকৰিলেও জগতৰ মহাজ্ঞানী ওমৰে কেৱল সংসাৰৰ গভীৰ দুখ- যাতনাবোৰ বুৰাই ৰাখিবলৈকে সুৰা আদিৰ আশ্ৰয় লৈছিল বুলিব লাগিব; আৰু ঠিক এই ৰুবায়াৎটিয়েই তাৰ প্ৰকৃষ্ট নিদৰ্শন। ফিজ্জাৰেল্ডে ইয়াৰ উপৰিও তেওঁৰ ভাঙনিত এই মুল ভাব প্ৰকাশৰ বাবে, প্ৰায় ৩|৪টা ৰুবায়াতৰ মূৰে মূৰে “Ah |” “Oh!" আদি দুখ-শোক-অনুতাপ আদি তীব্ৰ অনুভূতি- ব্যঞ্জক শব্দবোৰ ব্যৱহাৰ কৰি সেই ছাটি-ফুটিৰ ভাববোৰ ফুটন্ত আৰু জীৱন্ত কৰি তুলিছে; গতিকে ফিজ্জাৰে্ল্ড্ পঢ়িলে মূল ফাৰ্ছী নপঢ়া সকলৰ বাবে ইয়েই ওমৰৰ মৌলিক ৰচনা যেন অনুভৱ হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে