শেষৰ এই তৰঙ্গটিয়েই ভাবৰ চূড়ান্ত-স্পৰ্শী হৈছে, আৰু কবিতাটি সজোৱাৰ
গঢ়ে ইয়াক এক অভিনৱত্ব দান কৰিছে। প্ৰবৃত্তি-মাৰ্গই-দি নিবৃত্তি-মাৰ্গলৈ বা
ভোগৰ ভিতৰেদি ত্যাগৰ বাটলৈ যোৱা কথা ভাৰতীয় আদৰ্শত নতুন কথা
নহয়; কিন্তু অসমীয়া কবিতাত তাক এনে এটি অনুপম ৰূপ দি ৰায় চৌধুৰী
সদৌৰে শলাগৰ ভাগী হৈছে। ইটালীয় মহাকবি ডাণ্টেৰ ‘স্বৰ্গ-ৰহস্য’ কাব্যত
এনে এটি ভাবেই চিৰন্তন সৌন্দৰ্য্যৰ ৰূপ পাইছে। কথিৰ ন-বছৰ বয়সত
চকা-মকাকৈ দেখা পোৱা বিয়েট্ৰিছেই, ভান্টেৰ অকল বাস্তৱ-জীৱনতে নহয়,
তেওঁ মানসিক বা আধ্যাত্মিক জীৱনতো তেওঁক নৰক-মৰত-স্বৰ্গ ঘূৰাই শেষত
যেতিন্না কল্পনা-ত্ৰিদিবত দেখা দিয়ে, আৰু তেতিয়াও যেতিয়া ডাণ্টেই
বিয়েট্ৰিছৰ ৰূপ চকু ভৰি পিয়ে, তাতো তেওঁৰ শাৰীৰিক সৌন্দৰ্য্যত মুগ্ধ হোৱা
বাবে বিয়েট্ৰিছে ডান্টেক ভৰ্ৎসনা কৰিবলৈ কুষ্টিত নহল। “তুমি”ৰ কবিয়েও
শেষ তৰঙ্গলৈকে তেনে আসক্তিৰ হাত সাৰিবলৈকে যত্ন কৰি আহিছে; এনে
আদৰ্শৰ ফালৰ পৰাও কবিতাটি ৰমনীয় হৈছে। ওজঃ গুণত ৰায় চৌধুৰীৰ
কল্পনা অসমীয়া কাব্য-সাহিত্যত বিশেষৰূপে মূৰ-জিলিকা বুলিব পাৰি। বৰ্ত্তমান
কবিতাটিৰ নানান কল্পনা-চিত্ৰত আৰু কবিত্বপূৰ্ণ খণ্ড-বাক্যত এই মৌলিকতা লক্ষ্য
কৰিব লগীয়া। “উঠঙ্গা বুকু” “নোকোহা গঠন’ আদিৰ দৰে খুত থকা খণ্ড-
বাক্য, আৰু ঘাইকৈ শেষৰ তৰঙ্গ কেইটামানৰ অ'ত ত'ত কৱিতাৰ উপযোগী
ভাষা আৰু ছন্দৰ ক্ৰুটি দেখা গলেও, কবিতাটি সাধাৰণতে ইন্দ্ৰিয়গ্ৰাহ্য আৰু
ইন্দ্ৰিয়াতীত সৌন্দৰ্য্যৰ চিত্ৰেৰে ভৰপূৰ, সন্দেহ নাই। লেখকৰ সৰহখিনি
উপমাই যেনে মৌলিক, তেনে সাহসী আৰু বিচিত্ৰ; তাৰ বাবে তেওঁ বিশেষ
অভিবাদনৰ পাত্ৰ।
“চেতনা” ১৯২১; “জেউতি”, ১৯শ বছৰ, দ্বিতীয় সংখ্যা।