বহ শ দুকুৰি |
নবী ছন্ হিজিৰি |
আকৌ পাঁচ বছৰ যায়৷ |
এই বৎসৰাঙ্ক সচা বুলি ধৰিলে ১০৪৫ হিজিৰি ( ১৬৩১ খৃঃ) বুঢ়া ৰজা প্ৰতাপ সিংহৰ (১৬০৩-৪১) ৰাজত্বত সোমায়; কিন্তু অন্ততঃ এইজন ৰজাই মাদুৰি বনৰ কঠত বহি দুকুৰি ভকতে আল্লাৰ নাম লবলৈ দিখে নৈৰ কাষৰিৰ সুৱাগুৰি চাপৰিত মঠ সজাই দিয়া কথা কোৰাণ কিতাপত পাই এই জিকিৰ বচনা কৰা কথাৰ দৰেই অলীক বুলি অসম বুৰঞ্জীয়ে চকুত আঙুলি দি দেখুৱাব পাৰে। সত্যৰ অপলাপৰ উপৰি পদৰ দোষ ঘটায়ো যাতে ইয়াক “এঘাৰশ দুকুৰি” বুলি টনা-টনি কৰিব খোজে; তেতিয়াও ১১৪৫ হিজিৰি (১৭৩৬ খৃঃ) তান্ত্ৰিক শৰণীয়া শিৱসিংহ (১৭১৪- ৪৪) আমোলত পৰে, আৰু তাতে ই খাপ খাব নোৱাৰে বুলি বুৰঞ্জীৰ সকল তথ্য-পাতিয়ে জলজলপটপটকৈ দেখুৱাব। “আজান ফকিৰেও কয়। দিন গলে ৰাতি হয়।” এনে পটন্তৰো প্ৰচলিত আছে। কোনোবা আহোম ৰজাই কিবা দোষত এজন মুছলমান ফকিৰৰ দুই চকু কাঢ়িছিল, এনৌ কিম্বদন্তিও ইয়াৰ আনুষঙ্গিকভাৱে আছে। তদুপৰি জয়ধ্বজ সিংহৰ কালৰ (১৬৪৮-৬৩) আক্ৰমণকাৰী মিৰজুমলাৰ লগত অহা বুৰঞ্জী-লেখক ছাহাবুদ্দিনৰ বিৱৰণৰ পৰা সেই কালত অসমত থকা মুছলমানবিলাকক আজান দিবলৈ দিয়া নহৈছিল বুলি বুজিব পাৰি। গতিকে তাৰ পাছত আৰু মায়ামৰা আন্দোলন (১৮৬৯-৯৪) আগত, যেতিয়াই যি প্ৰসঙ্গৰ পৰাই হওক, পোনতে যি আজান দিছিল তেৱেঁই “আজান ফকিৰ” বুলি জনাজাত হোৱা সম্ভৱপৰ; আৰু তেতিয়া হলে এই জিকিৰবোৰ অষ্টাদশ শতিকাৰ শেষ ভাগৰ বুলিব লাগিব।—
ঘোষা।
ক’তে হেৰুৱালি |
বাট, ঐ অন্ধলা, |
ক’তে হেৰুৱালি বাট৷ |
পদ৷
দুনীয়া এদিনৰ |
দুনীয়া দুদিনৰ |
দুনীয়া ফুলনি বাৰী৷ |