[ ৪০ ]
মৃজ্ প্ৰভৃতি কেতবিলাক ধাতুর অন্ত্য আখৰ ষ হয় আৰু সকলো ষৰ পাছত থকা ত ট হয়৷ দৃশ্+ক্ত দৃষ্ট, নশ্ নষ্ট; সৃজ্ সৃষ্ট, মৃজ্ মৃষ্ট, প্ৰচ্ছ্ পৃষ্ট, তুষ্ তুষ্ট ইষ্ ইষ্ট ইত্যাদি৷
কেতবিলাক ধাতুৰ পাছত হোৱা কোনো কোনো প্ৰত্যয়ৰ আদিতে ই যুক্ত হয়৷ যথা; লিখ+ক্ত লিখিত, পত্ পতিত, পূজ্ পূজিত, বিদ্ বিদিত ইত্যাদি৷
ক্ত পাছত থাকিলে শ্ৰম্ ক্ৰম্ শম্ আদি কেতবিলাক ধাতুৰ অ আরু হয় আৰু ম্ ন্ হয়৷ যথা; শ্ৰম্ শ্ৰান্ত, আ-ক্ৰম্ আক্ৰান্ত, শম্ শান্ত ইত্যাদি৷
ক্ত প্ৰত্যয় পাছত থাকিলে গম্ নম্ ৰম্ মন্ হন প্ৰভৃতি কেতবিলাক ধাতুৰ অন্ত্যবৰ্ণ লোপ হয়৷ যথা; গম্ গত নম্ নত, ৰম্ ৰত, মন্ মত, হন্ হত ইত্যাদি৷
দকাৰান্ত ধাতুৰ দ আরু ক্ত প্ৰত্যয়ৰ ত দুয়ো মিলি ন্ন হয়৷ আ—সদ+ক্ত আসন্ন, অদ্ অন্ন, ভিদ্ ভিন্ন ইত্যাদি৷
ক্ত প্ৰত্যয়ৰ ত পাছত থাকিলে ধাতুৰ অন্ত্য ৠ ঈৰ্ হয় আরু ৰকাৰৰ আরু ম্লা, ত্ৰা, দী, ডী, ক্ষী,